গুৱাহাটী, ১৬ মেঃ হাজো, বৰপেটাকে ধৰি নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পিছত এইবাৰ বেজী আহি পালে মহানগৰী গুৱাহাটীত৷ যোৱা কিছুদিন ধৰি নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত আতংকৰ সৃষ্টি কৰা নপুংসক কৰা বেজী অৱশেষত গুৱাহাটী মহানগৰীতো আহি পালে৷ মহানগৰীৰ হাতীগাঁও স্থিত নতবমাৰ এখন চৰকাৰী বিদ্যালয়ত নপুংসক কৰা বেজী দিয়াৰ এক উৰা বাতৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিদ্যালয়খনত মুছলমান শিক্ষাৰ্থীসকলক প্ৰতিষেধক বেজীৰ নামত নপুংখক কৰাৰ বেজী দিয়া হ’ব বুলি এক উৰা বাতৰিকলৈ অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালী বিদ্যালয়ৰ পৰা লৈ যায়৷ অভিভাৱকসকলে শ্ৰেণী কোঠাত সোমাই ল’ৰা-ছোৱালী ঘৰলৈ লৈ যোৱাৰ লগতে  শিক্ষাকসকলকো দুৰ্ব্যৱহাৰ কৰে৷ উল্লেখ্য যে যোৱা কিছুদিন ধৰি ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত মুছলমান শিক্ষাৰ্থীসকলক বিদ্যালয়ত প্ৰতিষেধক বেজীৰ নামত নপুংসক কৰাৰ বেজী দিয়া হৈছে বুলি উৰা বাতৰিয়ে বিশৃঙ্খল পৰিবেশ সৃষ্টি কৰিছে৷ কিছুদিন পূৰ্বে এই বাতৰিয়ে হাজোৰ বিদ্যালয়সমুহত অনুৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ হাজোৰ পিছত বৰপেটা আৰু এতিয়া গুৱাহাটীত এই উৰা বাতৰিৰ প্রভাব দেখি সচেতন মহল চিন্তিত হৈ পৰিছে৷ এই উৰা বাতৰিয়ে এফালে শিক্ষাৰ্থীসকলৰ ভবিষ্যতক লৈ হেতালি খেলিছে, আনফালে ৰাজ্য চৰকাৰখনে ইয়াকলৈ কোনো ব্যৱস্থা নোলোৱাত পৰিস্থিতি দিনক দিনে বেয়াৰ ফালে গতি কৰিছে৷ আমাৰ ফালৰ পৰা জনসাধাৰণলৈ অনুৰোধ এনে ভুৱা বাতৰিক লৈ নিজৰ ল’ৰা-ছোৱালী ভৱিষ্যত ধ্বংসৰ গৰাহলৈ ঠেলি নিদিব৷ ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ বিদ্যালয়লৈ পঠাওক৷ নপুংখক কৰাৰ কোনো বেজী নাই এইয়া মাত্ৰ এক উৰা বাতৰিহে৷