মুম্বাই, ১৬ মেঃ  আই পি এলৰ ফাইনেলত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে আজি নিশা ৮ বজাত প্ৰথমখন কোৱালিফায়াৰত অৱতীর্ণ হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰাইজিং পুনে ছুপাৰজায়েন্টয়ে। মুম্বাইয়ে দলটােৰ বিৰুদ্ধে ৱাংখেড়ে ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত প্রতিশোধ পূৰণৰ সুৱৰ্ণ সুযোগ লাভ কৰিব। লেণ্ডল ছিমনাছ, কিৰণ পোলার্ড, পাৰ্থিৱ পেটেল, ৰােহিত শৰ্মাৰ দৰ্শনীয় বেটিং আৰু পাণ্ডিয়া ভাতৃদ্বয়ৰ অলৰাউণ্ড প্রদর্শনৰ লগতে মেকক্লেনাঘন, যশপ্রীত বুমৰাহৰ নিয়ন্ত্রিত বলিঙৰ সহায়ত প্লে অফলৈ উন্নীত হােৱা মুম্বাইয়ে লীগৰ অস্তিমখন মেচত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি উজ্জীৱিত হৈ আছে। প্রতিযোগিতাখনৰ আৰম্ভণি পর্যায়ত কেইবাটাও আকর্ষণীয় ইনিংছ খেলিবলৈ সক্ষম হােৱা বাঁওহতীয়া বেটছমেন নীতিশ ৰাণা আৰু বেগী বলাৰ লাচিত মালিংগা দুৰ্বল ফর্মে মুম্বাইক কিছু চিন্তাত ৰাখিছে। বেটিং সহায়ক ৱাংখেড়েৰ উইকেটৰ প্ৰতি লক্ষ্য ৰাখি ৰানৰ জোৱাৰ উঠাৰ পূৰ্ণ সম্ভাৱনা থকা মেচখনত নীতিশ ৰাণাৰ স্থানত অম্বাতি ৰায়াড় মূল একাদশত অন্তর্ভুক্ত হােৱাৰ ইংগিত দিছে অধিনায়ক ৰোহিত শৰ্মাই।ইফালে, লীগৰ অন্তিম মেচত কিংছ একাদশ পঞ্জাবক ৯ উইকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি প্লে অফলৈ উন্নীত হােৱা ৰাইজিং পুনে ছুপাৰজায়েণ্টৰ বাবে কাইলৈ প্রধান চিস্তাৰ কাৰণ হ’ব অলৰাউণ্ডাৰ বেন ষ্ট’কছ আৰু লেগ স্পীনাৰ ইমৰান তাহিৰৰ অনুপস্থিতি। মহেন্দ্ৰ সিং ধোনী, আজিংক্য ৰাহানে, অধিনায়ক স্মিথ আৰু উদীয়মান বেটছমেন ৰাহুল ত্ৰিপাঠীৰ ওপৰত দলটােৰ সাফল্য যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব। ত্ৰিপাঠীয়ে ঐশ্বর্যশালী টি-২০ লীগখনত ৩৮৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। যদিও তেওঁৰ অ’পেনিং সহযোগী আজিংকা ৰাহানেৰ পৰা পুনে দলে অধিক উন্নত প্রদর্শন আশা কৰিব। অৱশ্যে জয়দেৱ উনাদকট (২১ উইকেট), শ্বাদুলি ঠাকুৰ (৮ উইকেট) আৰু ডেনিয়েল ক্রিষ্টিয়ানৰ শেহতীয়া উন্নত প্রদর্শনে আলহী দলটােৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে।