বৰপেটা, ১১ জুনঃ বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰডাঙাত বেকী নদীৰ গৰাখহনীয়াই ৰোধৰ কাৰণে পাৰ্কপাইন আৰু ৰিং বান্ধৰ আঁচনি দুখন মুকলি কৰে জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকে। উল্লেখ্য যে, বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰডাঙাত মাথাউৰি নিৰ্মাণৰ কাম সৰ্ম্পূণ কৰা হৈছে। মাথাউৰিটো অধিক মজবুতকৈ নিৰ্মাণ আৰু বেকী নদীৰ প্ৰৱল গৰা খহনীয়াই প্ৰতিৰোধ তথা দীৰ্ঘম্যাদী সুৰক্ষাৰ বাবে পাৰ্কোপাইন বাবদ ৫০ লাখ টকা আৰু এটা ৰিং বান্ধ বাবদ ৩০ লাখ টকাৰ দুখন আঁচনি ঘোষণা কৰা হৈছিল৷ জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক এই আঁচনি দুখন মুকলি কৰে৷ বিধায়ক আব্দুল খালেকৰ লগতে কংগ্ৰেছৰ সভাপতি আজগৰ আলী আহমেদ, বৰপেটা জিলাৰ পি ডি ৰমেন্দ্ৰ নাথ শৰ্মা, বান নিয়ন্ত্ৰণ বিভাগৰ ইঞ্জিনিয়াৰ, ৰূপসী উন্নয়ন খণ্ডৰ বি ডি অ’ ৰুপসী বলককে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।