নলবাৰী,  ১১ জুনঃ গণতান্ত্ৰিক দেশৰ শাসকক নিৰ্বাচন কৰে জনসাধাৰণে৷ এই শাসকৰ সৈতে সংযোগ নিৰ্মাণ কৰে সংবাদ পত্ৰই৷ সংবাদ পত্ৰ নোহোৱা হ’লে উভয়ৰে সম্পৰ্ক হেৰাই যাব। এই মন্তব্য বিশিষ্ট সাহিত্যিক, সমালোচক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ। নলবাৰী জিলা সাংবাদিক সন্থাৰ দশম দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভা উদ্বোধন কৰি এনেদৰে মন্তব্য কৰে৷ সভাৰ আৰম্ভনিতে পুৱা পতাকা উত্তোলনৰ লগতে শ্বহীদ তৰ্পন, বন্তি প্ৰজ্জ্বলন আদি কাৰ্যসূচী অনুষ্ঠিত হয়। অধিবেশনৰ মুকলি সভাত জিলাখনৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিকক সম্বর্ধনা জনোৱা হয়৷ নলবাৰী জিলা সাংবাদিক সন্থাৰ দশম দ্বি-বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে বিশিষ্ট শিক্ষাবিদ বসন্ত কুমাৰ ভট্টাচাৰ্য, নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, জিলা আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য, সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ সম্পাদক পংকজ কুমাৰ নাথ আৰু আজুৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সুৰুয দত্ত উপস্থিত থাকে৷ অধিবেশনৰ লগত সংগতি ৰাখি প্ৰতিনিধি আৰু বিষয়া বাচনি সভাখনো অনুষ্ঠিত হয়৷ সভাৰ সৰ্বসন্মতি ক্ৰমে ধ্রুৱজ্যোতি শৰ্মা সভাপতি আৰু সুভাষ ডেকা, বসন্ত দাসক সম্পাদক হিচাপে নিৰ্বাচন কৰা হয়।