কলগাছিয়া, নবেম্বৰ ৫: কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মোৱামাৰী আৰু কাউৰঝাহী গাঁৱত বেঁকী নৈৰ বিধ্বংসী খহনীয়াই নৈ পৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। পানী কমি অহাৰ লগে লগে নৈখনে প্ৰৱল খহনীয়া সৃষ্টি কৰি শ শ বিঘা শালি ধানৰ খেতি নৈ বুকুত জাহ যোৱাৰ ফলত কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হোৱা দেখা গৈছে। এইদৰে নৈখনৰ গৰাখহনীয়াই চপৰা চপৰে কৃষিভূমি খহাই নিয়াত গাঁও দুখনৰ দুই শতাধিক পৰিয়ালৰ উপৰিও নিকটৱৰ্তী অন্য কেইবাখনো গাঁৱলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। এইদৰে খহনীয়া অব্যাহত থাকিলে পকীপথ, শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠানসমূহ অচিৰেই নৈখনৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, ইতিমেধ্যে বহু পৰিয়াল গৃহহীন হৈছে। এইদৰে উপায়হীন হৈ কৃষকসকলে কেচা ধান কাটি নি পশুধনৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিছে।