ৰঙিয়া, নৱেম্বৰ ৫: সগনমল চেৰাউগী এণ্ড চনচ তেল ডিপোত গ্ৰাহকৰ তীব্ৰ প্ৰতিবাদ। ডিপোত তেলৰ সলনি ওলাল পানী। এই প্ৰতিবাদত শ শ লোকে ঘেৰাও কৰে তেল ডিপোটো। লগতে তেল বিক্ৰী বন্ধ কৰি দিয়ে ৰাইজে। একাংশ উত্তেজিত গ্ৰাহকে ডিপোটোৰ মেনেজাৰক দিয়ে উত্তম -মধ্যম । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। ইয়াৰোপৰি এখন বাহনৰ পৰা গ্ৰাহকে বৃহৎ পৰিমাণৰ কেৰাচিন তেল জব্দ কৰে। গ্ৰাহকৰ স্পষ্ট অভিযোগ, ডিজেলত মিহলাবলৈ মজুত কৰি ৰখা হৈছিল অবৈধ কেৰাচিন তেলখিনি। এই লৈ পুনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। উপস্থিত গ্ৰাহকে পুনৰ আৰক্ষীৰ সন্মুখতে কৰ্মচাৰীক লপাথপা দিয়ে। উল্লেখ্য যে, শনিবাৰে মহখুলি ৰাস মহোৎসৱ সমিতিয়ে ৰাসৰ কাৰ্যক্ৰমণিকা চলাবৰ বাবে ১০ হাজাৰ টকাৰ ডিপোটোৰ পৰা ডিজেল ক্ৰয় কৰিছিল। কেইবাটাও জেনেৰেটৰত ডিজেল ভৰোৱাৰ পিছত জেনেৰেটৰ সমূহ বিকল হৈ পৰে। জেনেৰেটৰ কেইটা পৰীক্ষা কৰাত জেনেৰেটৰৰ টেংকিত বহু পৰিমাণৰ পানীৰ উপস্থিতি ধৰা পৰে। শেষত ক্ষোভিত ৰাইজে দেওবাৰে ডিপোটো ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে। ঘেৰাও কাৰ্যসূচীত স্থানীয় ৰাইজেও সহযোগ কৰে। ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তক অৱগত কৰাত উপায়ুক্তই দণ্ডাধীশক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে ডিপোটোত প্ৰায়ে পেট্ৰল-ডিজেলত পানী-কেৰাচিন মিহলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ পিছতো আৰক্ষী-প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বুলি ৰাইজে অভিযোগ কৰে।