ডিগবৈ, নৱেম্বৰ ৫: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তৈলনগৰী ডিগবৈত উদযাপন কৰে সপ্তম বাৰ্ষিক ডঃ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। ডিগবৈ ইণ্ডিয়া ক্লাব আৰু ডিগবৈ উন্নয়ন সমিতিৰ সহযোগত ডিগবৈ মুলীয়াবাৰী ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থলত উদযাপন কৰা হয়। কাৰ্যসূচী হিচাপে পুৱা বন্তি প্ৰজ্বলন ডিগবৈ উন্নয়ন সমিতিৰ সভাপতি জিতেন দত্তই কৰে। পুষ্পাঞ্জলি অৰ্পণ সাহিত্যিক পূণ্য শইকীয়া, দ্বীপেন বৰা, পল্লব শৰ্মা, যতীন ফুকন, মহিলা সমিটিয়ে কৰে। লগতে নাম কীৰ্তন আৰু মা-প্ৰসাদ বিতৰণ কৰা হয় আৰু গধূলি ভূপেন হাজৰিকা গীতৰ এক সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হয়।