গুৱাহাটী : দুই লাখ টকীয়া ‘য়ামাহা আৰ ১’ বাইক। একেবাৰে নতুন, জিলিকি থকা বাইক। চাগে কিছুদিন পূৰ্বে ক্ৰয় কৰা হৈছিল বাইকখন। ড্ৰাগছ বিক্ৰীৰ ধনেৰে বাইকখন ক্ৰয় কৰাৰ বাবে বাইকখন থানাত লৈ গ’ল আৰক্ষীয়ে।

ড্ৰাগছ বিক্ৰী কৰি এখন বিলাসী বাইক কিনিছিল ড্ৰাগছ ব্যৱসায়ীজনে কিন্তু আৰক্ষীৰ অভিযানত বাইকখন পালেগৈ ৰঙাঘৰ। অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ দল এটাই ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত জব্দ কৰে এখন ‘য়ামাহা আৰ ১’ বিলাসী বাইক।

এক গোপন খবৰৰ ভিত্তিত মহানগৰীৰ সাউকুছিৰ ত্ৰিনয়ন পথৰ ৰতন বড়ো নামৰ এজন লোকৰ পত্নী ৰীতা বড়োৰ ঘৰত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ দলে ড্ৰাগছ বিৰোধী অভিযান চলায়। অভিযানকালত মহিলা গৰাকীৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে ১৪ টাকৈ ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ, নগদ ৪ হাজাৰ টকা।

ড্ৰাগছ ব্যৱসায়ী গৰাকীৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে এখন নতুন ২ লাখ টকা মূল্যৰ ‘য়ামাহা আৰ ১’ বাইকো জব্দ কৰে। এই বিলাসী বাইকখন ড্ৰাগছ বিক্ৰীৰ টকাৰে ক্ৰয় কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অভিযানকাৰী দলটোৱে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।