জোনমণি বেগম
বিশ্বনাথ : ক’ভিড প্ৰতিষেধক লৈ শৰীৰৰ অংগ বিকল হৈ পৰাৰ অভিযোগ এজন যুৱকৰ। ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ পিছতে যুৱকজনৰ শৰীৰৰ এটা এটাকৈ অংগ বিকল হৈ পৰাৰ অভিযোগ। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৩০ বছৰীয়া যুৱকজন। 

বিশ্বনাথ জিলাৰ ছোৱাগুৰিৰ বাহাৰ আলী নামৰ এজন যুৱকে দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰি অসুস্থ হোৱাৰ অভিযোগে এতিয়া সমগ্ৰ জিলাখনত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। আভিযোগ মতে যোৱা ১৮ অক্টোবৰ তাৰিখে ছোৱাগুৰিৰ বাহাৰ আলী নামৰ ৩০ বছৰীয়া যুৱকজনে দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক লোৱাৰ পিছতেই যুৱকজনৰ এখন ভৰি অচল হৈ পৰে৷

বাহাৰ আলীৰ এখন ভৰি অচল হৈ পৰাত বাহাৰ আলীৰ পৰিয়ালৰ লোকে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত যোগাযোগ কৰে যদিও কোনো এজন চিকিৎসকে ফোন নধৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱকজনৰ পৰিয়ালে৷ পৰৱৰ্তী দিনা পুনৰ বাহাৰ আলীৰ আনখন ভৰি বিকল হৈ পৰাৰ লগে লগে ডিঙিৰ তলৰ সকলো অংশ বিকল হৈ পৰে৷

ইয়াৰ পিছতে শুকুৰবাৰে যুৱকজনক ভৰ্তি কৰোৱা হয় বিশ্বনাথ অসামৰিক চিকিৎসালয়ত৷ বৰ্তমান বাহাৰ আলী নামৰ যুৱকজন চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে৷ বাহাৰ আলীৰ পৰিয়ালৰ অভিযোগ ক’ভিড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই এই ঘটনা সংঘটিত হৈছে। দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ পুর্বে সম্পূৰ্ণ সুস্থ আছিল বাহাৰ আলী৷

প্ৰতিষেধক লোৱাৰ পূৰ্বে সম্পূৰ্ণ সুস্থ অৱস্থাত থকা বাহাৰ আলী ক’ভিড পৰিষেধক লৈ অসুস্থ হৈ পৰাৰ অভিযোগ উত্থাপন কৰে বাহাৰ আলীৰ পৰিয়ালে।আনহাতে চিকিৎসকৰ মতে প্ৰতিষেধক লোৱাৰ বাবে নহয়, অন্য কাৰণতো বাহাৰ আলীৰ শৰীৰৰ অংগ বিকল হ’ব পাৰে।ৰোগীৰ যাবতীয় পৰীক্ষাৰ অন্তত প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলিও চিকিৎসকে জানিবলৈ দিয়ে।