গুৱাহাটী : ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদান। বিজেপিত যোগদানৰ পুর্বে পুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে ফণীধৰ তালুকদাৰে। মঙলবাৰে এআইইউডিএফৰ পৰা পদত্যাগ কৰিছিল ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক গৰাকীয়ে। এআইইউডিএফ সাম্প্ৰদায়িক নহয় যদিও দলটোত ৯৮ শতাংশ এক বিশেষ সম্প্ৰদায়ৰ লোক আছে বুলি মন্তব্য ফণীধৰ তালুকদাৰৰ। 

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই বুধবাৰে বিজেপিত যোগদান কৰিলে ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰে। বুধবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ফণীধৰ তালুকদাৰক বিজেপি দলত আদৰি আনে। ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰ বিজেপি দলত যোগদান কৰিব বুলি বিগত সময়ছোৱাত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি আছিল।

বিজেপি দলত যোগদান কৰাৰ পূৰ্বে ফণীধৰ তালুকদাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আৱাসত উপস্থিত হৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। ফণী তালুকদাৰক উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় “এটা বেদনা আঁতৰি গ’ল৷ অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰৰ ভৱানীপুৰৰ পৰা এআইইউডিএফ দলৰ বিধায়ক জিকি থকাতো দুখৰ কথা আছিল৷” ফণী তালুকদাৰ এইবাৰ বিজেপিৰ টিকটৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ ভাৱনীপুৰৰ পৰা বিধানসভালৈ আহিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

ইফালে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ফণী তালুকদাৰে কয় যে তেওঁ বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে। ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ ফণীধৰ তালুকদাৰে বিজেপিৰ পৰা টিকট বিচাৰিছিল বুলিও কয়। চৰকাৰী পক্ষৰ বিধায়ক হ’লে সমষ্টিবাসীৰ লাভ হয় আৰু শাসকীয় পক্ষত থাকি সমষ্টিৰ উন্নয়ন কৰিবৰ বাবেই ফণীধৰ তালুকদাৰ বিজেপিত যোগদান কৰিছে বুলিও কয়। এআইইউডিএফ ত্যাগ কৰিলেও ফণীধৰ তালুকদাৰে কয় যে এ আই ইউ ডি এফ সাম্প্ৰদায়িক নহয় কিন্তু তাত ৯৮ শতংশই এক বিশেষ সম্প্ৰদায়ৰ লোক আছে।