কলগাছিয়া : ভাং খেতিৰ বাতৰি কৰি উভতি অহা সাংবাদিকৰ দলক ঘেৰাও। দেৱানী আৰু অধিবক্তাৰ নেতৃত্বত ঘেৰাও ভাং খেতিৰ বাতৰি কৰিবলৈ যোৱা সাংবাদিকৰ দলক। ভাং খেতি কৰা বুলি সাংবাদিকক কোনে তথ্য দিলে বুলি প্ৰশ্ন দেৱানী আৰু অধিবক্তাৰ নেতৃত্বত সাংবাদিকক ঘৰেও কৰা দলটোৰ। আৰক্ষীৰ হস্তক্ষেপত সাংবাদিকৰ দলটোক উদ্ধাৰ।

বৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত খেল্লীত একাংশ লোকে ভাং খেতি কৰা বুলি খবৰ লাভ কৰি সাংবাদিকৰ দল এটা ভাং খেতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ খেল্লীত উপস্থিত হৈছিল। ভাং খেতিৰ তথ্য সংগ্ৰহ কৰি সাংবাদিকৰ দলটো উভতি অহাৰ পথত দেৱানী আৰু অধিবক্তাৰ নেতৃত্বত একাংশ লোকে সাংবাদিকৰ দলটোক ঘেৰাও কৰে।

প্ৰাপ্ত খবৰ মতে খেল্লী গাঁৱৰ মোগৰব আলী নামৰ এজন লোকে নিজৰ ঘৰৰ পিছফালে ভাং খেতি কৰিছে। উক্ত ভাং খেতিৰ খবৰ লাভ কৰাৰ পিছত সাংবাদিকৰ দল এটা খেল্লীৰ মোগৰব আলীৰ ভাং খেতিত উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰিছিল। বাতৰি সংগ্ৰহ কৰি উভতি অহাৰ পথত খেল্লী ঈদগাহ চাৰিআলিত গাঁওবুঢ়াৰ ভাষ্য সংগ্ৰহ কৰাৰ সময়তে নুৰু দেৱানীয়ে নিজৰ ভাতৃ আৰু ভতিজাসহ উপস্থিত হৈ সাংবাদিকৰ দলক আগভেটি ধৰি ভাংৰ তথ্য যোগান ধৰা তথ্যদাতাৰ নাম বিচাৰি সাংবাদিকক আবদ্ধ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে।

তথ্যদাতাৰ নাম নজনালে সাংবাদিকৰ দলক যাবলৈ দিয়া নহ’ব বুলি আবদ্ধ কৰি ৰখাৰ লগতে কেমেৰা ভাঙি দিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। পিছত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাস আৰু বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষিন্দৰ শইকীয়াক ঘটনা সন্দৰ্ভত খবৰ দিয়াত আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সাংবাদিকৰ দলটোক উদ্ধাৰ কৰে।