আজিজ আলী
নালবাৰী : নলবাৰী জিলাৰ কেকানকুচি শাখা সত্ৰ প্ৰাংগণত শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ ২১৩ তম তিৰোভাব তিথি উপলক্ষে গাঁওবাসীয়ে উলিয়ালে ভাগৱত শুভযাত্রা। শ্ৰী শ্ৰী কলিয়াঠাকুৰ কীৰ্তনঘৰ শাখা সত্ৰ প্ৰাংগণত, তিনিদিনীয়াকৈ সভা মহোৎসৱৰ আয়োজন কৰা হৈছে।

প্ৰতিবছৰে ফাগুন মাহত গাঁওবাসীয়ে অনুষ্ঠিত কৰি আহিছে ভাগৱত শুভযাত্ৰা। উল্লেখ্য যে ২১৩ বছৰ পূৰ্বৰে পৰা গাঁওখনৰ শ্ৰী শ্ৰী কলীয়াঠাকুৰ কীৰ্তনঘৰ শাখা সত্ৰত গাঁওবাসীয়ে অনুষ্ঠিত কৰি আহিছে ভাগৱত শুভযাত্ৰা। পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে যে ২১৩ বছৰ পূৰ্বৰে পৰা আয়োজন কৰি আহিছে এই ধৰ্মীয় কাৰ্যসূচীৰ।

কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা ভাগৱত লৈ সমগ্ৰ গাঁওখন পৰিভ্ৰমণ কৰে গাঁওখনৰ শিশুৰ পৰা বৃদ্ধ, পুৰুষ-মহিলা সকল। ভাগৱত শোভাযাত্ৰাৰ পিছতেই ৰাইজৰ সেৱা আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচী পালন কৰা হয়।