ৰঙিয়া : ৰঙিয়াৰ ধুহিত নিশা লংকাকাণ্ড। এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাকলৈ ধুহিত লংকাকাণ্ড। বিবাহিত পুৰুষ এজনে সামাজিক মাধ্যমত ভাইৰেল কৰে ধুহিৰ এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’।

বৃহস্পতিবাৰে নিশাৰ ভাগত কামৰূপ জিলাৰ ৰঙিয়াৰ অন্তৰ্গত ধুহিত সংঘটিত হয় লংকাকাণ্ড। এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰা এজন লম্পটক ৰাইজে লপা-থপা দি আৰক্ষীক গতাই দিয়ে। উত্তেজিত ৰাইজে লম্পটজনৰ চাৰিকীয়া বাহনৰো ক্ষতি সাধন কৰে।

জানিব পৰা মতে আজাহুৰুদ্দিন আলী নামৰ লম্পটজনে বিগত এসপ্তাহ ধৰি ধুহিৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’ ফেচবুকত আপলোড কৰি আহিছিল। লম্পটজনে কিশোৰী গৰাকীৰ ফেচবুক একাউণ্টেৰে আপলোড কৰিছিল কিশোৰী গৰাকী আৰু যুৱকজনৰ অশ্লীল ফটো ভিডিঅ’।

দৰং জিলাৰ বৰপথাৰৰ আজাহুৰুদ্দিন আলী নামৰ লম্পটজনে প্ৰেমৰ চলনাৰে কিশোৰী গৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰি অশ্লীল ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰি থৈছিল। পৰৱৰ্তী সময়ত লম্পটজনে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকক বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিশোৰী গৰাকীৰ পৰিয়ালে সোধপোচ কৰি আজাহুৰুদ্দিন আলী ইতিমধ্যে বিবাহিত বুলি জানিবলৈ পাই বিবাহৰ প্ৰস্তাৱ নাকচ কৰে।

কিশোৰী গৰাকীৰ পৰিয়ালে বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছৰে পৰা লম্পটজনে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকক ভীতি প্ৰদৰ্শন আৰম্ভ কৰে। লম্পটজনে কিশোৰী গৰাকীৰ ফেচবুক একাউণ্টেৰে দুয়োৰে অশ্লীল ফটো আৰু ভিডিঅ’ চাৰিওফালে ভাইৰেল কৰিছিল। বৃহস্পতিবাৰে নিশা লম্পটজনক পাই ৰাইজে লপা-থপা দি কঞা আৰক্ষীক গতাই দিয়ে।