মাজুলীত বৰষুণত ক্ষতিগ্ৰস্ত পথ পৰিদৰ্শন উপায়ুক্তৰ

মাজুলী, ২৭ মেঃ মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঋাই বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ একাধিক পথ পৰিদৰ্শন কৰে৷ কমলাবাৰীৰ টুনী দলংৰ পৰা নয়াবাজাৰ সমীপৰ বৰবিল-ছমৰীয়াআটি পৰ্য্যন্ত পহুমৰা-গড়মূৰ-জেংৰাই-হালধিবাৰী গড়কাপ্তানী পথৰ প্ৰায় ৩৫ কিল’মিটাৰ অংশ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হয়৷ উপায়ুক্ত ঝাই এই অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰেইন কাট সমূহ চোৱাৰ লগতে মাজৰ দেউৰীৰ এখন প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰাৰ উপৰি জলসম্পদ বিভাগে নিৰ্মাণ কৰা খেৰকটীয়া নৈৰ মথাউৰি তথা পথৰ পৰা নামি যোৱা এটা ঢাল পৰিদৰ্শন কৰে৷ গড়কাপ্তানী পথটোৰ জেংৰাইমুখৰ পৰা মাজৰ দেউৰীৰ মাজৰ অংশ আৰু বৰবিলৰ ওচৰত যোৱা ২-৩ দিন হোৱা ৰেইন কাট সমূহ প্ৰত্যক্ষ কৰি উপায়ুক্তগৰাকীয়ে বিভাগীয় বিষয়া অভিযন্তাক ততালিকে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ উপায়ুক্ত গৰাকীয়ে ফুলনি-ময়েঙিয়া পথটোৰো বৰষুণৰ ফলত ক্ষয়-ক্ষতিৰ বুজ লয়৷ ইয়াৰ লগতে উপায়ুক্ত পল্লৱ গোপাল ঋাই কমলাবাৰীৰ পৰা নতুন কমলাবাৰী সংযোগী পথৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত চৰজমিন তদন্ত কৰে৷ তেওঁ গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাক জনসাধাৰণে বিচৰা ধৰণে পথটোৰ চাইন বৰ্ড নিৰ্মাণৰ লগতে ঠেক অংশত দুখন গাড়ী পাৰ হ’ব পৰাকৈ পথটো বহলোৱাৰ বাবে আঁচনিৰ পৰিকল্পনা আৰু প্ৰাককলনৰ সংশোধন ঘটোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে৷