ৰঙিয়া, ৭ জুনঃ ডায়েৰীয়েই কাল হ’ল কামৰূপ জিলাৰ ধুহিৰ মজিবৰ ৰহমান ওৰফে মজিৰৰ। কৰ্মত চোৰ মজিৰৰ ডায়েৰী লিখাৰ অভ্যাস৷ মজিৰে ক’ত কেনেদৰে চুৰি কাৰ্য্য সংঘটিত কৰে সেয়া লিপিবদ্ধ কৰে এই ডায়েৰীত। মজিৰে গুৱাহাটী, নলবাৰী আৰু বৰপেটাৰ যাত্ৰীবাহী বাছবোৰত সুযোগ বুজি যাত্ৰী সকলৰ সা-সামগ্ৰী চুৰি কৰি কৰে।  মঙলবাৰে গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী যাত্ৰীবাহী বাছত উঠি মজিৰে লেপটপ সহ এটা বেগ চুৰি কৰিছিল। তাৰ পিছতে অথন্তৰ ঘটিল। লেপটপৰ গৰাকীয়ে লেপটপ বিচাৰি পালেগৈ ৰঙিয়া থানা। ঘটনা সন্দৰ্ভত অনুসন্ধান কৰি আৰক্ষীয়ে চুৰি কাণ্ডৰ সৈতে ধুহিৰ কুখ্যাত চোৰ মজিৰ জড়িত বুলি নিশ্চিত তথ্য লাভ কৰে। তথ্যৰ ভিত্তিত আৰক্ষীয়ে মজিৰ বাসগৃহত তালাচি চলাওতে ওলাল চোৰ পণ্ডিত মজিৰৰ অমূল্য সম্পদৰূপী এখন ডায়েৰী। চুৰিৰ সকলো তথ্য ডায়েৰীখনত উল্লেখ থকাত আৰক্ষীৰ চকু কপালত উঠে। ডায়েৰীখনত এফালৰ পৰা লিপিবদ্ধ থাকে চুৰিৰ সময়, স্থান আৰু ধনৰ পৰিমাণ। চোৰৰ এনে পণ্ডিতালি দেখি আচৰিত হয় তদন্তকাৰী আৰক্ষী বিষয়া। পিছত আৰক্ষীয়ে চোৰজনক ডায়েৰীসহ থানালৈ নিয়ে। ইফালে ভুক্তভোগীয়ে চোৰ মজিৰক লেপটপটো উলিয়াই দিবলৈ কোৱাত চোৰ পণ্ডিতৰ হেনো আৰক্ষীক অভিযোগ দিয়া বাবে আত্মসন্মানত আঘাত লাগে। সেয়ে লেপটপটো উলিয়াই দিবলৈ অমান্তি হয় মজিৰ। আৰক্ষীক অভিযোগ নিদিয়া হ’লে লেপটপটো তিনি দিনৰ ভিতৰত উলিয়াই দিলেহেঁতেন। কিন্তু আৰক্ষীক জনোৱা বাবে কোনোপধ্যে লেপটপটো ওভতাই দিবলৈ সন্মত নহয় বৌদ্ধিক চোৰজন। ডায়েৰী ‘মেইন্টেন’ কৰা চোৰ মজিৰৰ এনে কাণ্ডই বিশেষ চৰ্চা লাভ কৰাৰ লগতে আনন্দৰ খোৰাকো যোগাইছে।