গুৱাহাটী, ১০ জুলাইঃ বিশ্বৰ আগশাৰীৰ টায়াৰ আৰু ৰবৰ কোম্পানী ব্রীজষ্ট’ন কর্পোৰেছনৰ এটা গোট বীজষ্ট’ন ইণ্ডিয়া প্রাইভেট লিমিটেডে পুনে (ছাকান) আৰু ইন্দােৰ (খেদা)ৰ প্ৰকল্প সম্প্রসাৰণৰ বাবে ৩০৪.৩ মিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰাৰ ঘোষণা কৰিছে। বীজষ্ট’ন ইণ্ডিয়া প্রাইভেট লিমিটেডে ২০১৭ চনৰ পৰা আগন্তুক পাঁচ বছৰলৈ পৰ্যায়ক্রমে এই ধনৰাশি বিনিয়োগ কৰিব৷ উল্লেখ্য যে, গাড়ীৰ সংখ্যা আৰু উৎপাদন বৃদ্ধিৰ সমান্তৰালভাৱে এই বিনিয়ােগে ব্রীজষ্ট’ন ভাৰতৰ প্ৰকল্পক বৃদ্ধি হােৱা চাহিদা পূৰণত সহায় কৰিব। আশা কৰা মতে, টায়াৰৰ উৎপাদনৰ পৰিমাণ প্রতিদিনে ১৫ হেজাৰলৈ বৃদ্ধি পাব, ২০২২ চনৰ ভিতৰত দুয়ােটা প্রকল্পৰ পৰা দৈনিক মুঠ উৎপাদনৰ পৰিমাণ হ’ব ৪১,০০০টা শক্তি সম্প্ৰসাৰণৰ সমান্তৰালভাৱে এই বিনিয়ােগে দুয়ােটা প্রকল্পক সহায় কৰিব৷ গাড়ী উদ্যোগৰ মডেলৰ বিকাশৰ সৈতে স্থানীয় বজাৰত মুকলি হােৱা বিভিন্ন গাড়ীৰ জোখৰ টায়াৰ মুকলি কৰি দিবলৈ সমান্তৰালভাৱে ৪৫০টা দক্ষ বিনিয়ােগৰ পদবীৰ সৃষ্টি হােৱাৰাে আশা কৰা হৈছে। এই সম্পর্কে উল্লেখ কৰি ব্ৰীজষ্ট’ন ইণ্ডিয়া প্রাইভেট লিমিটেডৰ কাৰ্যবাহী সঞ্চালক কজুট’শ্বি অ’য়ামাই কয় যে, এই বিনিয়ােগে বিশ্বত দ্রুত গতিত বৃদ্ধি পোৱা ভাৰতৰ বজাৰত আমাৰ প্ৰৱেশৰ প্ৰতিশ্রুতি নিশ্চিত কৰিলে৷ ইয়াৰ ফলত ব্রীজষ্ট’ন ইণ্ডিয়া অত্যাধুনিক নির্মাণ প্রযুক্তি তথা পদ্ধতিৰে শক্তিশালী হৈ উঠিব আৰু ই আমাৰ গ্ৰাহকসকলক উন্নতমানৰ সামগ্ৰীৰে সেৱা আগবঢ়োৱাত সহায় কৰিব৷ মই অধিক উৎসাহিত হৈ পৰিছো এই বাবেই যে, ই আমাৰ স্থানীয় জনতাৰ লগতে দলীয় সদস্যসকলকো সুবিধা প্ৰদান কৰিব৷ বীজষ্ট’নৰ প্ৰতিশ্রুতি হৈছে আমি কাম কৰা প্ৰতিটাে অঞ্চলত স্থানীয়ভাৱে উত্তৰণৰ গতিত সহযোগ কৰাটাে৷ এই বিনিয়ােগে উন্নতমানৰ প্ৰযুক্তিৰে টায়াৰ নিৰ্মাণত ব্রীজষ্ট’ন ইণ্ডিয়াৰ সামৰ্থ আৰু শক্তি সৃষ্টি কৰিব আৰু পৰিৱেশৰ প্ৰতি অধিক সন্মান প্রদর্শন কৰিব। সমান্তৰালভাৱে ভাৰতৰ গতি, জীৱন আৰু কৰ্মক উন্নত কৰিবলৈ যাতায়াতৰ বৰ্দ্ধিত চাহিদাক সহযোগ কৰিব।