ৰঙিয়া, ১০ আগষ্টঃ ৰঙিয়াৰ জয়ন্তীপুৰ মলখাটৰ এজন সমাজকৰ্মীক বেনামী পত্ৰৰে হত্যাৰ ভাবুকি দিয়া ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে,  মুকুল আহমেদ নামৰ যুৱ সমাজকৰ্মীজনক কোনো অজ্ঞাত লোকে নিশা মৃত্যুৰ ভাবুকিৰে বেনামী পত্ৰ ঘৰত পেলাই থৈ যায়। পুৱা পত্রখন প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোক হতভম্ব হৈ পৰে। বেনামী পত্ৰখনৰ কথা বিয়পি পৰাত গাঁওবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত যুৱকজনে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ আনহাতে সততে দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে মাত মাতি অহা যুৱকজনক কোনে আৰু কি উদ্দেশ্যেৰে হত্যাৰ ভাবুকিৰে বেনামী পত্ৰ দিলে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে।