গুৱাহাটী, ১০ আগষ্টঃ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই সংস্থাৰ সদস্যসকলৰ দান-বৰঙণিৰে সংগ্ৰহ কৰা সৰ্বমুঠ ৭৫ হাজাৰ টকা মুখ্যমন্ত্রীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়ায়। পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ এটা সঁজাতী দলে মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালক সাক্ষাৎ কৰি এই পুঁজি প্ৰদান কৰে৷ লগতে অহা ৩ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক উত্তৰ-পূব গ্রন্থমেলাত মুখ্যমন্ত্রীক মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ সংস্থাই আমন্ত্রণ জনায়। সঁজাতি দলটোৱে অসমৰ শিক্ষাবিদ-বুদ্ধিজীৱী আৰু সাহিত্যিকসকলে শিক্ষা বিভাগৰ পাঠ্যপুথি সন্দৰ্ভত মুখ্যমন্ত্রীলৈ আগবঢ়োৱা স্মাৰকপত্র খনো মুখ্যমন্ত্রীক প্ৰদান কৰে। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত বিবেচনা কৰাৰ লগতে গ্ৰন্থমেলাত উপস্থিত থাকিব বুলি দলটোক আশ্বাস দিয়ে৷ সঁজাতী দলটোত সংস্থাৰ সভাপতি অজিত কুমাৰ বৰ্মন, উপ-সভাপতি ইমৰান আহমেদ, সম্পাদক ধীৰাজ গোস্বামী, কোষাধ্যক্ষ অৰূপ চক্ৰৱতীৰ্ণ আৰু কাৰ্যকৰী সদস্য নাৰায়ণ কেজৰিৱাল উপস্থিত থাকে।