শ্ৰীলংকাৰ পালেকেল্লে টেষ্টত ভাৰতৰ ইতিহাসঃ ৩-০ৰে শৃংখলা দখল

In ক্ৰীড়াংগন

অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৪ আগষ্টঃ শ্ৰীলংকাৰ পালেকেল্লে টেষ্টত ভাৰতে এটা ইনিংছ ১৭১ ৰাণত জয়ী হৈ ৩-০ৰে শৃংখলা দখল কৰি ইতিহাস ৰচনা কৰে৷ ভাৰতীয় দলে ১৯৩২ত টেষ্ট শৃংখলাত খেলা আৰম্ভ কৰাৰ পিছৰে পৰা ৮৫ বছৰত প্ৰথমবাৰলৈ বিদেশৰ ভূমিত তিনিটা টেষ্ট খেলৰ শৃংখলাত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে ২০০৪ত বাংলাদেশত  আৰু ২০০৫ত জিম্বাবোৱেত টেষ্ট শৃংখলা দখল কৰিছিল যদিও সেইদুখন দুটা টেষ্ট খেলৰ শৃংখলাহে আছিল৷ পালেকেল্লে টেষ্টত বিজয়ৰ লগতে ভাৰতীয় ক্ৰিকেট দলে তিনিখন বা ততোধিক টেষ্ট শৃংখলাত প্ৰথমবাৰলৈ বিজয় অৰ্জন কৰে৷ ইয়াৰ লগতে বিৰাট কোহলী ভাৰতীয় টেষ্ট ক্ৰিকেটৰ ৮৫ বছৰীয়া ইতিহাসত বিদেশত তিনিটা ইংনিছত বিজয় সাব্যস্ত কৰি এটা শৃংখলা দখল কৰা প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে কৃতিত্ব অৰ্জন কৰে৷ উল্লেখ্য যে, শ্ৰীলংকাৰ পালেকেল্লে টেষ্টত ভাৰতে প্ৰথম ইনিংছ ৪৮৭ ৰাণ সংগ্ৰহ কৰে৷ শ্ৰীলংকাই প্ৰথম ইংনিছত ১৩৫ ৰাণ আৰু দ্বিতীয় ইংনিছত ১৮১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ভাৰতে ৩-০ৰে শৃংখলা দখল কৰে৷ ভাৰতীয় দলৰ শিখৰ ধৱনে ব্যক্তিগত সৰ্বোচ্চ ১১৯ আৰু হাৰ্দিক পাণ্ডিয়াই ব্যক্তিগত সৰ্বোচ্চ ১০৮ ৰাণ সংগ্ৰহ কৰে৷ হাৰ্দিক পাণ্ডিয়াক মেন অৱ দ্যা মেছ আৰু শিখৰ ধৱনক মেন অৱ দ্যা ছিৰিজ দিয়া হয়৷ শিখৰ ধৱনে ছিৰিজটোত ব্যক্তিগত সৰ্বোচ্চ ৩৫৮ ৰাণ সংগ্ৰহ কৰে৷

Comments

comments

You may also read!

দশেৰাৰ দিনাই পাঞ্জাৱত ভয়াৱহ ৰে’ল দুৰ্ঘটনা : নিহত ৫০ৰো অধিক লোক

পাঞ্জাৱ, সংবাদ ৩৬৫, ১৯ অক্টোবৰ: দশেৰাৰ দিনাই পাঞ্জাৱৰ অমৃতসৰৰ চৌৰা বজাৰত এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। সন্ধিয়া ৭.৩০

Read More...

বিল্বেশ্বৰত দেৱী দুৰ্গাৰ ভক্তক পানী খুৱালে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে

নলবাৰী, সংবাদ ৩৬৫, ১৯ অক্টোবৰ: বৰ অসমত সম্প্ৰীতিৰ এনাজৰীডাল আজিও কটকটীয়া হৈ আছে৷ সমাজবিৰোধী চক্ৰই অসমীয়া সমাজখনক হিন্দু-মুছলমানৰ নামত

Read More...

গোসাইগাৱত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰনাস্ত্ৰ সহ কে এল অৰ এজন সদস্যক আটক

গোসাইগাও, সংবাদ ৩৬৫, ১৯ অক্টোৱৰ: ৰাজ্যৰ প্রান্তে প্রান্তে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাখৰ মাজতেই শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাৱঁত সেনা-আৰক্ষীৰ যৌথ

Read More...

Mobile Sliding Menu