গুৱাহাটী : উপ-নিৰ্বাচনৰ বাবে ভৱানীপুৰ আৰু মৰিয়নি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছ দলে। থাওৰা, গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰি থৈছে কংগ্ৰেছে। অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে।

উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা কংগ্ৰেছ দলে মঙলবাৰে ঘোষণা কৰে। কংগ্ৰেছ দলৰ প্ৰথমখন তালিকাত থাওৰা, গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছিল। দ্বিতীয়খন তালিকাত আছে ভৱানীপুৰ আৰু মৰিয়নি সমষ্টিৰ প্ৰাৰ্থীৰ নাম।

ভৱানীপুৰ সমষ্টিত শৈলেন্দ্ৰ নাথ দাস আৰু মৰিয়নি সমষ্টিত লোহিত কোঁৱৰক টিকট প্ৰদান কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছে ইতিমধ্যে থাওৰা, তামুলপুৰ আৰু গোঁসাইগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। থাওৰাত মনোৰঞ্জন কোঁৱৰ, গোঁসাইগাঁবত জুৱেল টুডু আৰু তামুলপুৰত ভাস্কৰ দাহালক টিকট প্ৰদান কৰিছে কংগ্ৰেছে।

উল্লেখ্য যে বিজেপিয়ে ইতিমধ্যে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে থাওৰা, মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। থাওৰা সমষ্টিৰ সুশান্ত বৰগোহাঁই, মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী আৰু ভাৱনীপুৰ সমষ্টিত ফণী তালুকদাৰক টিকট প্রদান কৰিছে বিজেপিয়ে। আনহাতে গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টি ইউপিপিএল দলক এৰি দিছে বিজেপিয়ে।