গুৱাহাটী : ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰিব মেডিকেল বৰ্ডে। দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আবেদন জনাইছিল। দিছপুৰ আৰক্ষীৰ আবেদনৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে গঠন কৰিছে মেডিকেল বৰ্ডৰ। বুধবাৰে মেডিকেল বৰ্ডে স্বাস্থ্য পৰীক্ষা কৰিব ৰাজকন্যা বৰুৱাৰ।

ৰাজকন্যা বৰুৱাক মঙলবাৰে দিছপুৰ আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল। আৰক্ষীয়ে নিৰ্দেশ দিয়াৰ পিছতো ৰাজকন্যা বৰুৱা মঙলবাৰে হাজিৰ হোৱা নাছিল দিছপুৰ থানাত। অসুস্থতাৰ কাৰণ দেখুৱাই ৰাজকন্যা বৰুৱা থানাত হাজিৰ হোৱা নাছিল। সম্প্ৰতি জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱা।

উল্লেখ্য যে যোৱা ১ অক্টোবৰৰ নিশা ৰাজকন্যা বৰুৱাই ৰুক্মিণীগাঁৱত ৰাজপথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিছিল। এই ৯ জন লোকৰ ভিতৰত এখন লোকৰ ভৰি দুর্ঘটনাস্থলীতে ছিঙি পৰিছিল। লোকজন অন্য এখন ভৰি চিকিৎসালয়ত কাটিব লগীয়া হৈছিল। দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল যদিও ২৪ ঘন্টাৰ ভিতৰত জামিন লাভ কৰিছিল ৰাজকন্যা বৰুৱাই।

সুৰামত্ত অৱস্থাত নিশা ক’ভিড নীতি-নিৰ্দেশনা ভংগ কৰি ভয়াবহ দুর্ঘটনা সংঘটিত কৰাৰ পিছতো ৰাজকন্যা বৰুৱাই কেনেকৈ জামিন লাভ কৰিলে ইয়াকে লৈ আৰক্ষী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। আৰক্ষীৰ দুৰ্বল তদন্ত ফলতে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছত ৰাজকন্যা বৰুৱালৈ আৰক্ষীয়ে চমন জাৰি কৰি থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল।

আৰক্ষীৰ চমন লাভ কৰাৰ পিছত ৰাজকন্যা বৰুৱাৰ মাতৃয়ে ৰাজকন্যা বৰুৱা চিকিৎসাধীন হৈ থকাৰ কাৰণ দেখুৱাই আৰক্ষীৰ পৰা দুসপ্তাহৰ সময় বিচাৰিছিল। আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা নকৰাৰ লগতে এজাহাৰত ৰাজকন্যা বৰুৱা সুৰামত্ত অৱস্থাত থকা আৰু ক’ভিড নীতি-নিৰ্দেশনা ভংগ কৰা উল্লেখ কৰা নাছিল।

আৰক্ষীৰ তদন্ত দুৰ্বল হোৱাৰ বাবে ৰাজকন্যা বৰুৱাই ২৪ ঘন্টাৰ ভিতৰতে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজকন্যা বৰুৱাই আৰক্ষীৰ বাবে জামিন লাভ কৰিবলৈ সক্ষম হৈছে নেকি এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতে দিছপুৰ আৰক্ষীৰ দুজনকৈ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।