কোকৰাঝাৰ, ১ জুলাইঃ কোকৰাঝাৰ হাব্ৰুবাৰীস্তিত বি টি চি ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালক তথা বিভাগীয় মূৰব্বী বিষয়াৰ নৱনিৰ্মিত কাৰ্য্যালয়ৰ ভৱন উদ্বোধন কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বি টি চিৰ এ অ পি (এছ অ পি ডি) ২০১৫-১৬ আঁচনিৰ আবন্টিত ১.৩৩ কোটি ধনেৰে নৱনিৰ্মিত কাৰ্য্যালয়ৰ ভৱন উদ্বোধন কৰা কাৰ্যসূচীত উপস্থিত থাকে বি টি চিৰ কাৰ্য্যৱাহী সদস্য ক্ৰমে ৰাজীৱ কুমাৰ ব্ৰহ্ম, দনেশ্বৰ গয়াৰী, জগদীশ সৰকাৰ, মুখ্য সচিব বি চি ফুকন প্ৰমুখ্য কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিভাগীয় বিষয়াসকল। পৰৱর্তী সময়ত কোকৰাঝাৰ কাৰগাঁৱস্থিত এ অ পি ( এছ অ পি ডি) ২০১৬-১৭ আঁচনিৰ ১.১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মীন বিভাগৰ নৱনিৰ্মিত অতিথি শালাসহ প্ৰশিক্ষণ ভৱনটোও বিভাগীয় কাৰ্য্যৱাহী সদস্য শ্যাম চুন্দিৰ উপস্থিতিত উদ্বোধন কৰে হাগ্ৰামা মহিলাৰীয়ে। ভৱনটো উদ্বোধন কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে যোৱা মাজনিশাৰ পৰা বলৱৎ হোৱা জি এছ টিৰ ওপৰত হাগ্ৰামাই কয় যে জি এছ টি ৰাইজৰ আৰু দেশৰ কাৰণে ভাল৷ যাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বি টি চিৰ হৈ মহিলাৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷