শিমলুগুৰি, ১৪ অক্টোবৰঃ নাজিৰাৰ ৰোহিতেশ্বৰ শইকীয়া সোঁৱৰণী ইণ্ডোৰ ষ্টেডিয়ামত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এখন যোগদান সভা অনুষ্ঠিত হয়। শিমলুগুৰি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিকাশ ফুকনৰ সভাপতিত্ব অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ নাজিৰা কলেজ গোটৰ সভাপতি জিতু হুছেইনে। শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকনে সভাত বৰ্তমান সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক ব্যৱস্থাৰ লগতে হিন্দু বাংলাদেশী সমস্যা, নাগালিম চুক্তি, শিক্ষা ব্যক্তিগতকৰণ আদি বিভিন্ন বিষয়ত বিজেপি নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা ভূমিকাৰ ওপৰত বিস্তৃত বক্তব্য দিয়ে। আনহাতে শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আছিফ ইছলামে ভাষণ প্ৰসংগত নাগালিমক অসমৰ এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ দি আৰএছএছৰ ইংগিত বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰাৰ অভিযোগ তুলি চৰকাৰৰ ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰে৷ সভাত নাজিৰাৰ ৬০গৰাকী ছাত্ৰ ছাত্ৰীয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰে। শিমলুগুৰি আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি ইমৰাণ আলি, সাংগঠনিক সম্পাদক শোভন চাউ, নাজিৰা কলেজ গোটৰ সভাপতি সম্পাদককে ধৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে।