বৰহাট, ১৭ অক্টোবৰঃ উন্নয়নৰ নামত শাসনাধিষ্ঠ বিজেপি মিত্ৰজোঁট চৰকাৰে যিমানেই ঢোল নোকোবাওক, বাস্তৱ ক্ষেত্ৰত কিমান শতাংশ উন্নয়ন হৈছে তাৰেই এক জ্বলন্ত উদাহৰণ চৰাইদেউৰ সাপেখাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰপুখুৰী গাওঁ পঞ্চায়তৰ মিছাজান গাওঁ৷ মিছাজানৰএটা বোকাময় গো বাটে দৈনিক শতাধিক স্থানীয় বাসিন্দাই যাতায়ত কৰিব লগীয়া হৈছে৷ প্ৰাপ্ত তথ্য মতে, মিছাজানৰ ৪ আৰু ৫ নং ৱাৰ্ডত প্ৰায় শতাধিক পৰিয়াল বসবাস কৰে৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৱাৰ্ড দুটাৰ বাসিন্দাই বৰহাট ৰে’লৱে গেটৰ পৰা মিছাজান হৈ পশ্চিম নলবৰীয়াৰ মাজেৰে বৰুৱানগৰ সংযোগী প্ৰায় ২.৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটোত মিছাজান নদীৰ ওপৰত অৱস্থিত একমাত্ৰ শোচনীয় বাঁহৰ দলংখনৰ ওপৰেৰে বিপদসংকুল ভাবে যাতায়ত কৰিবলগীয়া হৈছে৷ দৈনিক ৱাৰ্ড দুটাৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্বাস্থ্যকেন্দ্ৰ, ৰে’লৱে ষ্টেছন, হাট বজাৰত কৰ্মৰত লোকৰ লগতে ক্ৰেতা ৰোগীয়ে যাতায়ত কৰি আহিছে। বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ ফলতেই পথটোৰ লগতে একমাত্ৰ শোচনীয় দলংখন দিনক দিনে জহি খহি যোৱাৰ স্থানীয় লোকে অভিযোগ কৰিছে। স্থানীয় বিধায়ক তপন কুমাৰ গগৈয়েও সমষ্টিটোৰ উন্নয়নৰ নামত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ ভোক্তভোগী লোকে অচিৰেই পথটো লগতে দলংখন নিৰ্মাণ কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে৷