ৰঙিয়া, ১৮ অক্টোবৰঃ নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছত যাত্ৰীক নিচাসক্ত দ্ৰব্য খুৱাই দুৰ্বৃত্তই লুটপাত চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, লামডিং আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছৰ যাত্ৰী পবিত্র ৰায়ক দুৰ্বৃত্তই নিচাসক্ত দ্ৰব্য খুৱাই নগদ ধন, লেপটপ, মোবাইলকে ধৰি সকলো সামগ্ৰী লুট কৰি নিয়ে। কৰ্মত হোজাই কলেজৰ প্ৰবক্তা পবিত্র ৰায়ে মঙ্গলবাৰে বঙ্গাইগাওঁলৈ ইণ্টাৰচিটি এক্সপ্ৰেছত গৈ থাকোতে ৰেলত লাড়ু এটা খোৱাৰ পিছতে অচেতন হৈ পৰে। পিছত অন্য যাত্ৰীয়ে পবিত্ৰ ৰায়ক অচেতন অৱস্থাত দেখা পাই ৰঙিয়া ৰেল আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে যাত্ৰী গৰাকীক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে। উল্লেখ্য যে, ৰেলত যাত্ৰীৰ সুৰক্ষাৰ বাবে আৰপিএফৰ জোৱান নিয়োজিত হৈ থকাৰ পিছতো কেনেদৰে দুৰ্বৃত্তই যাত্ৰীক নিচাসক্ত দ্ৰব্য খুৱাই লুট কৰিবলৈ সুযোগ পালে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে।