নলবাৰী, ১৮ অক্টোবৰঃ পখিলা খেদা বয়সত বন্দীত্বৰ জীৱন অতিবাহিত কৰিব লগীয়া হৈছে নলবাৰীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী শিবানীয়ে৷ প্ৰাপ্ত তথ্য মতে, নলবাৰীৰ বৰকুৰিহাৰ ৮বছৰীয়া কিশোৰী শিবানীক এজন কিশোৰে ধেনুকাড়েৰে চকুত হানি দিয়াৰ ফলত ফুলকুমলীয়া বয়সতে চকুৰে নেদেখা হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে শিবানী৷ শিবানীৰ চিকিৎসাত পৰিয়ালটো আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শিবানীৰ পিতৃ ভৱেশ ৰায় মেধিৰ  হাতত বৰ্তমান নাই কণমানি গৰাকীৰ চিকিৎসাৰ বাবে ধন৷ আনহাতে শিবানীক আজি পুনৰ পিতৃ ভৱেশ ৰায় মেধিয়ে চিকিৎসাৰ কাৰণে শংকৰদেৱ নেত্ৰালয়লৈ নিবলগীয়া হৈছে৷ শিবানীৰ চিকিৎসাৰ কাৰণে দৰিদ্ৰ পৰিয়ালটোৱে বিভিন্ন দল সংগঠন তথা সদাশয় ব্যক্তিৰ ওচৰত সহায়ৰ অনুৰোধ জনাইছে৷ শিবানীক সুস্থ কৰি তুলিবলৈ সাহাৰ্য্য আগবঢ়াব বিচাৰিলে ৯৭০৭৮৪৭১৬১ নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা মৰোৱাস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ ৭০৮৯০১০০৩৮৫৪৪ একাউন্টত সাহাৰ্য্য আগবঢ়াব পাৰিব৷