বৰহাট, ৬জুনঃ ঐতিহাসিক নাহৰ আলি সংযোগী প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘৰ বৰহাটৰ বৰপথাৰ পথৰ ওপৰত অৱস্থিত একমাত্ৰ কাঠৰ দলং খন মেৰামতিৰ অভাবত বৰ্তমান জহি খহি বিধ্বস্ত ৰূপ লৈছে। এই বিধ্বস্ত কাঠৰ দলং খনেৰে দৈনিক সহস্ৰাধিক ৰাইজে একমাত্ৰ কেন্দ্ৰস্থল বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বৰহাট ৰে’লৱে ষ্টেচনলৈ অহ-যাহ কৰাৰ উপৰিও একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণি মহাবিদ্যালয়ৰ লগতে কেইবাখনো বিদ্যালয়লৈ যাতায়ত কৰিব লগা হৈছে। গড়কাপ্তানি বিভাগৰ চৰম গাফিলতিত আজি পৰ্যন্ত দলং খন পকীকৰণ নহ’ল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ কেৱল নিৰ্বাচনৰ পূৰ্বে দলংখনৰ কিছু মেৰামতি কৰিয়ে হাত হাৰিব বিচৰা অসম চৰকাৰ তথা প্ৰশাসন দ্বায়িত্বহীনতাক ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, দলংখনত ব্যৱহৃত কাঠসমূহ অতি নিম্ন মানদণ্ডৰ হোৱাৰ লগতে ঠিকাদাৰে দলং খন নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাৰ ফলতেই বিধ্বস্ত দলংখন কেইবাটাও দূৰ্ঘটনা সংঘটিত হৈছে৷ স্থানীয় ৰাইজে অচিৰেই দলংখন পকীকৰণ আৰু আধাৰুৱা পথছোৱা পকীকৰণ  কৰিব লাগে বুলি চৰকাৰক দাবী জনাইছে৷