মানিকপুৰ, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বঙ্গাইগাঁওৰ মানাহ ভেলী বিকাশ মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷  ভেলী বিকাশ মঞ্চৰ সম্পাদক তথা পৰিৱেশ কৰ্মী আৰফান আলিয়ে তিনিখন বিদ্যালয়ত গছপুলি ৰোপন কৰাৰ লগতে পাঁচ শতাধিক গছপুলি বিতৰণ কৰে। মঞ্চৰ উদ্যোগত বৃক্ষৰোপন কাৰ্যসূচীৰ মুকলি কৰে ক্ৰমে দক্ষিণ গোলাপাৰা জনপ্ৰিয় প্ৰাথমিক বিদ্যালয়ত শিক্ষক ভোমৰ আলীয়ে, গোলাপাৰা প্ৰথম খণ্ড চৰপাৰা এল পি স্কুলত প্ৰধান শিক্ষক হানিফ আলী আৰু দক্ষিণ গোলাপাৰা এম ই মাদ্ৰাছাত প্ৰধান শিক্ষক আবু বক্কাৰ ছিদ্দিকে। ইয়াৰ উপৰি মঞ্চই বঙ্গাইগাঁৱৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰে৷ মঞ্চই বৃক্ষৰোপনৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰে৷