বৰহাট, ২১ জুলাইঃ চৰাইদেউৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত মিছাজানৰ অনাঠবন্ধু প্ৰাথমিক বিদ্যালয় আৰু সংহত শিশু উন্নয়ন সেৱা কেন্দ্ৰৰ কাষত বিদ্যুৎ বিভাগে স্থাপন কৰা উন্মুক্ত ২৫০ কিল’ৱাট সম্পন্ন ট্ৰেন্সফৰ্মাৰটোৱে প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। মুকলিভাৱে মাটিতে স্থাপন কৰা ট্ৰেন্সফৰ্মাৰটোৰ পৰা যিকোনো মুহুৰ্ততে ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হৈ ধন-জনৰ বিস্ত ক্ষতি কৰাৰ আশংকাত শংকিত হৈ পৰিছে স্থানীয় লোক তথা অভিভাৱকসকল। উন্মুক্ত ২৫০ কিল’ৱাট সম্পন্ন ট্ৰেন্সফৰ্মাৰটোৰ কাৰণে অঞ্চলটোৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে খেলা-ধেমালি কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে৷ বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত বাৰম্বাৰ অৱগত কৰাৰ পিছতো বিভাগটোৱে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে। বিগত দিনত উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰাত বৰহাটবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।