কলগাছিয়া ২১ জুলাইঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰ দাৱনদীয়াত এজন ব্যক্তিক হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাত অঞ্চলজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, নিশা শহুৰেকৰ ঘৰলৈ অহা শ্বাহজান আলী নামৰ ব্যক্তিজনৰ মৃতদেহ পুৱা ঘৰৰ পিছফালৰ বাঁহনিৰ মাজত চিপ লগাই থোৱা অৱস্থাত উদ্ধাৰ হয়৷ শশুৰেকৰ পৰিয়ালে শ্বাহজান আলীক হত্যা কৰাৰ সন্দেহত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি শহুৰ সোণা মিঞাৰ ঘৰ-বাৰী লণ্ড-ভণ্ড কৰে৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি, শহুৰ সোণা মিঞা, পত্নী ছাহেৰা বেগম আৰু খুলশালী নজৰুল ইছলামে সম্পত্তিৰ লোভতে চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে৷ শহুৰ পৰিয়ালে শ্বাহজানক হত্যা কৰি ঘৰত তলা লগাই পলায়ন কৰে৷ আনহাতে বাতৰি লিখা পৰ্য্যন্ত ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাত স্থানীয় লোকে আৰক্ষীকো কঠোৰ ভাষাৰে সমালোচনা কৰে৷ স্থানীয় ৰাইজে আৰক্ষীক ঘটনাৰ উচিত তদন্ত কৰি অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে৷