টিংখাঙৰ পৰা দেৱজিৎ গগৈ, ২০ জুলাইঃ মুগাৰ চাহিদা বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে। সোণালী সূতা উৎপাদনকাৰী মুগা অসমৰ একচেটিয়া সম্পদ আৰু ডিব্ৰুগড়ৰ টিংখাঙৰ মাহমৰা বহুমুখী মুগা ফাৰ্মখন এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় বৃহৎ মুগা চোমনি৷ কিন্তু অসম চৰকাৰৰ উদাসীনতাৰ বাবেই এছিয়াৰ ভিতৰত দ্বিতীয় বৃহৎ মুগা চোমনিখন বৰ্তমান ধ্বংসৰ দিশত। বৰ্তমান গৰু ছাগলীৰ চৰণীয়া পথাৰৰ দৰে অস্তিত্বহীন হৈ পৰিছে এই মুগা চোমনিখন। চোমনিখনত নিয়োজিত কৰ্মচাৰীৰ নামত প্ৰতিবছৰে লাখ লাখ টকা ব্যয় কৰি অহা হৈছে যদিও যোৱা দুবছৰত তথৈৱছ হৈ পৰিছে মুগা চোমনিখন। টিংখাঙৰ মাহমৰা থকা ৰেচম বিভাগৰ এই চোমনিখন সৰ্বমুঠ ৪২৫ বিঘা চৰকাৰী ভূমিৰ ১২০ বিঘা মাটি মুগাৰ চোমনিৰ বাবে গছ ৰোপন কৰা হৈছিল যদিও বৰ্তমান পুৰণি ১৫০ জোপা গছহে মুগাৰ পোহাৰ বাবে উপযোগী হৈ আছে। এছিয়াৰ দ্বিতীয় বৃহৎ মুগা চোমনিখনৰ এনে অৱস্থাত স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰা লগতে চোমনিখনৰ কৰ্মচাৰীসকলে নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত হেমাহি কৰা বাবে অঞ্চলটোৰ সাধাৰণ ৰাইজে চোমনিখনৰ পৰা উপকৃত হোৱা নাই বুলি অভিযোগ কৰে৷ কৰ্মচাৰী সকলে কেৱল চৰকাৰী আৰ্থিক মুনাফা লুটিবলৈহে চোমনিখনলৈ আহে বুলি স্থানীয় বাসিন্দাই মন্তব্য কৰি এছিয়াৰ দ্বিতীয় বৃহৎ মুগা চোমনি পুনজ্জীৱিত কৰি তুলিবলৈ চৰকাৰক আহ্বান জনায়৷