বিহালী, সংবাদ ৩৬৫, ১ জুলাই : বিশ্বনাথৰ বিহালী অন্যতম প্ৰকৃতি প্ৰেমী সংগঠন গ্ৰীণ চ’চাইটি । সোমবাৰে সংগঠনটো উদ্যোগত বিহালী বৰগাংৰ এভাৰ গ্ৰীণ ইংলিছ স্কুলৰ প্ৰাংগণত বিভিন্ন ফল- মুলৰ গছ পুলি ৰোপণ কৰে ।

আৰম্ভণিতে বিদ্যালয় প্ৰাংগনত ইক টাস্ক ফৰ্চ মেজৰ ছুবেদাৰ গুৰু প্ৰসাদ মেধীয়ে এটি গছ পুলি ৰোপণ কৰি শুভাৰম্ভ কৰা কাৰ্যসূচীত বিদ্যালয় খনৰ প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে এটাকৈ গছ পুলি ৰোপণ কৰে ।

গছ পুলি ৰোপণ কৰা পিছতে ছাত্র ছাত্ৰী সকলক লৈ এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাত চ’চাইটি সভাপতি প্ৰেমলাল গঞ্জুয়ে সভাপতিত্বত কৰে । সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে স্বৰাজ হাজৰিকাই ।

আনহাতে গছ পুলি ৰোপনৰ ওপৰত বক্তব্য প্ৰদান কৰে জয়চতা খগেন মটকে । সভাৰ শেষত ইক টাস্ক ফৰ্চ তৰফৰ পৰা বিদ্যালয় খনৰ ছাত্ৰ -ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত গছ পুলি বিতৰণ কৰা হয়।