বৰহাট, ৮জুনঃ চৰাইদেউৰ সোণাৰি সমষ্টিৰ বৰুৱাছালি মৌজাত বিশুদ্ধ খোৱা পানীৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভূগিছে। বৰুৱাছালি মৌজাৰ অন্তৰ্গত বৰহাট মিছাজানত অৱস্থিত অসম চৰকাৰৰ পানী যোগান আঁচনিখনে বিশুদ্ধ খোৱা পানী যোগানৰ নামত অপৰিষ্কাৰ তথা অনিয়মিত ভাবে পানী যোগান ধৰাত ক্ষোভিত হৈ উঠিছে স্থানীয় ৰাইজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পানী যোগান দ্বায়িত্বত থকা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সোণাৰি সংমণ্ডলৰ অধীনস্থ বৰহাট মিছাজানৰ পানীযোগান আঁচনিখনৰ পৰা ৰাইজে যথোচিত সুবিধা আদায় কৰিবলৈ সক্ষম হোৱাৰ পৰিবৰ্তে ক্ষতিৰহে সন্মুখীন হৈছে। বিগত ২০১১ চনৰ ২৯ ছেপ্তেম্বৰত নিৰ্মাণ কৰা পানী যোগান আঁচনিখন প্ৰায়ে বিকল হৈ থকাৰ উপৰিও নিম্ন মানদণ্ডৰ সা-সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে পাইপ বিলাকৰ পৰা অহৰহ পানী নিৰ্গত হৈছে। মিছাজান পানীযোগান আঁচনিয়ে সাঙুৰি লোৱা ৯০% পকী টেপ ৰাস্তাৰ কাষত বৰ্তমান ফুলদানি সদৃশ ৰূপত পৰিত্যক্ত অৱস্থাতহে পৰিণত হৈছে । পানী যোগান আঁচনি খনত কৰ্মৰত কৰ্মীয়েও নিজ মইমতালিৰে সময়ৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰি অনিয়মীয়াকৈ পানী যোগান ধৰা বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । বিশুদ্ধ পানী যোগানৰ নামত দৈনিক দুবাৰকৈ পানী যোগানৰ নিয়ম থকাৰ পিছতো মাত্ৰ এবাৰহে পানী যোগান ধৰি আহিছে বুলি এইসকল লোকে অভিযোগ কৰিছে। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্তৃপক্ষক পানী যোগান আঁচনি সমূহক কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ ভূক্তভোগী ৰাইজে দাবী জনাইছে।