বৰবাৰী, ৮ জুনঃ কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে মেঘালয়াৰ ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালছাৰ ৰিছাচ চেন্টাৰত কৰ্মৰত শতাধিক কেজুৱেল কৰ্মীয়ে কনফেডাৰেছন অৱ ৰি-ভয় পিপলছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত বিভাগটোৰ কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ নিৰ্দেশনা জাৰি নকৰাকৈ একছত্ৰী ভাবে বিভাগটোত কৰ্মৰত কেজুৱেল শ্ৰমিক-কৰ্মচাৰীৰ মজুৰিৰ ৪০ শতাংশ কৰ্তন কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে শ্ৰমিক-কৰ্মচাৰীসকলে৷ ইয়াৰ প্ৰতিবাদত ডেৰ শতাধিক শ্ৰমিক-কৰ্মচাৰীয়ে বিভাগটোৰ কাৰ্যালয় ঘেৰাও কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ তথা বিভাগটোৰ একছত্ৰী ব্যৱস্থাক কোনোপধ্যেই সহ্য নকৰাৰ হুংকাৰ দি পূৰ্বেও বিভাগটোৱে শ্ৰমিক-কৰ্মচাৰী সকলক বঞ্চনা কৰি অহাৰ অভিযোগ কৰিছে৷ বিগত ২০-২৫ বছৰে বিভাগটোত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীসকলক কাৰ্যালয়ত দীঘলীয়া সময় অনুপস্থিত থকাৰ লগতে বিভিন্ন মিছা অপবাদেৰে দৰ্মহা কৰ্তন কৰাৰ অভিযোগ কৰিছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ নিৰ্দেশনা জাৰি নকৰাকৈ একছত্ৰী ভাবে মজুৰিৰ ৪০ শতাংশ কৰ্তন কৰাত ক্ষুন্ন হৈ বিভাগটোত কৰ্মৰত কেজুৱেল শ্ৰমিক-কৰ্মচাৰীসকলে বিভাগটোৰ কাৰ্য্যালয় ঘেৰাও কৰে৷