নলবাৰী ৮ জুনঃ নলবাৰীৰ বালিজাৰত এটা শিশুৰ পানীত পৰি কৰুণ মৃত্যু হয়। প্ৰাপ্ত তথ্য অনুসৰি, বালিজাৰৰ ৰফিকুল ইছলাম নামৰ লোকজনে মাছ মাৰি থকা প্ৰত্যক্ষ কৰি থকা অৱস্থাত তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ ইন্দাদুল হক (বাবু) হঠাৎ পানীত পৰি যায়। কিছু সময় পাছত পৰিয়ালে ইন্দাদুলৰ কোনো শুংসুত্ৰ নাপাই বিচাৰ খোচাৰ কৰি ইন্দাদুলক পানীৰ পৰা উদ্ধাৰ কৰে৷ শিশুটোক ততাতৈয়াকৈ নলবাৰী চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে ইন্দাদুলক মৃত বুলি ঘোষনা কৰে৷ শিশুটোৰ কৰুণ মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷