দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ২৬ জুলাই : দক্ষিণ কামৰূপৰ ক্ৰীড়াৰ অগ্ৰনি সংগঠন মিৰ্জাস্থিত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই সফলতাৰে গৰকিলে ৫০টা বৰ্ষ । ১৯৬৯ চনত আজিৰ দিনতে স্থাপিত হোৱা দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ পৰা বিভিন্ন প্ৰতিভাসম্পন্ন খেলুৱৈৰ জন্ম হৈ ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

শুকুৰবাৰে এই সোনালী জয়ন্তী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰা হয় দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়ামত । ৰাতিপুৱাই সামুহিক দৌৰৰ কাৰ্যসূচী শুভাৰম্ভ কৰে সমাজকৰ্মী তথা ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাসে । তাৰপিছতে ৫০খন পতাকা উত্তোলন,স্মৃতিৰোপন,বৃক্ষৰোপন আদি কাৰ্যসূচী ৰূপায়ন কৰা হয় । ইয়াৰ পিছতে আবেলি দক্ষিণ কামৰূপ মিডিয়া বনাম দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুস্থিত কৰা হ’ব ।