হাজো, ১০ মেঃতীৰ্থনগৰী হাজোৰ সংখ্যালঘু লোকৰ বসতিপূৰ্ণ ঠাই আৰু চৰ অঞ্চলত এতিয়া আতংকময় পৰিবেশ। সাধাৰণ এটা বেজীক কেন্দ্ৰ কৰি সংখ্যালঘু ৰাইজৰ মাজত আতংক। বিদ্যালয়ত শিক্ষার্থী অনুপস্থিত, অভিভাকসকল বন্ধ কৰিছে বিদ্যালয়ত নিজ নিজ ল’ৰা-ছোৱালীক পঠোৱাত। হাতে হাতে লাঠি, জোংলৈ ৰাইজ সস্ত্ৰম বেজীৰ পৰা ৰক্ষা পাবলৈ। এক ব্যক্তিগত ৰাষ্ট্ৰীয় নিউজ চেনেলত প্রচাৰ হোৱা ভিডিঅ’ক কেন্দ্ৰ কৰি তীৰ্থনগৰীৰ সংখ্যলঘু ৰাইজ আতংকিত হৈ পৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় নিউজ চেনেলটোত এক ভিডিঅ’ক কেন্দ্ৰ কৰি প্ৰচাৰ কৰা হৈছিল এক বাতৰি, য’ত দেখুৱা হৈছিল ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক পোষ্ট। পোষ্টটোত উল্লেখ আছে যে টিকাকৰণৰ নামত মুছলমান ছাত্ৰ-ছাত্ৰীসকলক পুৰুষত্বহীন বনোৱাৰ বাবে বেজী দিয়াৰ ষৰযন্ত্ৰ ৰচিছে কিছুমান সংগঠনে। এই বেজী দিলে ভৱিষ্যতে মুছলমান লোকসকলৰ ল’ৰা-ছোৱালীয়ে সন্তান জন্ম দিব নোৱাৰিব আৰু টিকাকাৰণৰ নামত এই বেজী এতিয়া বিদ্যালয়সমূহত মুছলমান ছাত্ৰ-ছাত্ৰীক দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই বাতৰিৰ পিছতে হাজোত চাঞ্চল্যকৰ পৰিবেশ সৃষ্টি হৈছে। অভিভাৱকসকল বিদ্যালয়ত ল’ৰা-ছোৱালী পঠাবলৈ ভয় কৰা হৈছে আনকি কিছুমানে বিদ্যালয়ৰ পৰা উভতাই আনি আছে নিজ নিজ ল’ৰা-ছোৱালীক। কিছু ঠাইত অভিভাৱকসকল শিক্ষকৰ লগত বাকযুদ্ধতো লিপ্ত হৈছে। অৱশ্য সচেতন নাগৰিকে এনে ধৰণৰ বাতৰিত ৰাইজক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনাইছে। কিন্তু প্ৰশ্ন হয় ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে অহা উৰা বাতৰিয়ে কিমান সাধাৰণ জনসাধাৰানক বিপাঙত পেলাব আৰু ইয়াৰ অপব্যৱহাৰ প্ৰতি চৰকাৰে কিবা পদক্ষেপ ল’বনে?