সংবাদ ৩৬৫ ডেস্ক, ১২ ছেপ্টেম্বৰঃ যোৰহাটৰ ৰৰৈয়াত এক ভয়াবহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে জেট এয়াৰৱেজৰ ৭০৪৮ নম্বৰৰ যাত্ৰীবাহী বিমানখন৷ বেংগালুৰুৰ পৰা যোৰহাট অভিমুখী বিমানখন অৱতৰণৰ পিছতে ৰানৱেৰ পৰা আঁতৰি যায়৷ বৰ্তমান বিমানখনৰ সকলো যাত্ৰীক সুৰক্ষিতভাৱে উলিয়াই অনা হৈছে৷ আনহাতে বিমানখন ৰানৱেৰ কাষৰ ঘাঁহনিত আৱদ্ধ হৈ আছে৷ উল্লেখ্য যে, বিমানখনত সাংসদ গৌৰৱ গগৈ দিল্লীলৈ ৰাওনা হোৱাৰ কথা আছিল৷