মস্কো, ১২ ছেপ্টেম্বৰঃ উগ্ৰ সন্ত্ৰাসবাদী সংগঠন আইএছআইৰ শীৰ্ষ কমাণ্ডাৰৰ ওপৰত ৰুছ সেনাই শক্তিশালী ফাদৰ অৱ অল বোমাৰে আক্ৰমণ কৰে৷ ৰুছ সেনাই পূৱ ছিৰিয়াৰ অজ জোৰত কৰা এই আক্ৰমণত ইছলামিক টেষ্টৰ চাৰিজন নেতা নিহত হয়৷ জানিব পৰা মতে, আইএছ নেতাৰ ওপৰত কৰা এইটোৱে আটাইতকৈ ডাঙৰ অপাৰমাণৱিক বোমা আক্ৰমণ৷ স্থানীয় মিডিয়াই ৰক্ষা মন্ত্ৰালয়ৰ তথ্যৰ ভিত্তিত সদৰি কৰা মতে, এই আক্ৰমণত ৪০ জন সন্ত্ৰাসবাদীৰ লগতে উগ্ৰবাদী নেতা আবু মহম্মদ আল ছিমলী আৰু গুলমুৰোদ খলীমোব নিহত হৈছে৷ তথ্য অনুসৰি মহম্মদ আল ছিমলী বিদেশী আক্ৰমণৰ নেতৃত্ব দিছিল আৰু সংগঠনত নতুন সদস্য ভৰ্ত্তিৰ কাম নিৰীক্ষণ কৰিছিল৷ উল্লেখ্য যে, অজ জোৰত ছিৰিয়া সেনা আৰু আইএছৰ মাজত তীব্ৰ সংঘৰ্ষ অব্যাহত আছিল আৰু আতংকবাদীয়ে চহৰখনত দীৰ্ঘদিন ধৰি অধিপত্য অব্যাহত ৰাখিছিল৷ ৰুছৰ ৰাষ্ট্ৰপতি ব্লাদিমীৰ পুৰ্টিনৰ সেনাই আইএছৰ ওপৰত পেলোৱা বোমাটো আমেৰিকাৰ মাদৰ অৱ অল বোমাতকৈ চাৰিগুণ অধিক শক্তিশালী আছিল৷ আমেৰিকাই চলিত বৰ্ষৰ এপ্ৰিলত আফগানিস্তানৰ আইএছৰ ঘাটিত মাদৰ অৱ অল বোমাৰে আক্ৰমণ কৰে৷ মাদৰ অৱ অল বোমাত ১১ টন বিস্ফোতক আছিল, আনহাতে ফাদৰ অৱ অল বোমা বিস্ফোতক পৰিমান আছিল প্ৰায় ৪৪ টন৷ এই বোমাই পৰমাণু বোমাৰ দৰে প্ৰভাৱ পেলাই যদিও ইয়াত ৰেডিয়েছনৰ আশংকা নাথাকে৷