আমিনুৰ ৰহমান

শিৱসাগৰ : মূল্যবৃদ্ধি ৰোধ আৰু গো-আইন বাতিল কৰাৰ দাবীত বীৰ লাচিত সেনাৰ প্ৰতিবাদ। শিৱসাগৰৰ ৰাজপথত বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদ সাৱস্ত্য কৰাত আৰক্ষীৰ বাধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগানমন্ত্ৰী ৰণজিত কুমাৰ দাসৰ প্ৰতিমূৰ্তি দাহৰ চেষ্টা।

শিৱসাগৰ নগৰত বীৰ লাচিত সেনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মূল্যবৃদ্ধি ৰোধ আৰু গো-আইন ২০২১ বাতিল কৰাৰ দাবীত সংগঠনটোৱে বুধবাৰে শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগানমন্ত্ৰী ৰণজিত কুমাৰ দাসৰ প্ৰতিমূৰ্তি দাহ কৰাৰ চেষ্টা চলায় সংগঠনটোৱে। প্ৰতিবাদস্থলীত থকা আৰক্ষীয়ে বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰী সকলক প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত বাধা প্ৰদান কৰি প্ৰতিমূৰ্তি দুটা কাঢ়ি লৈ যায়।

প্ৰতিবাদকাৰী বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা সকলে বিজেপি মূৰ্দাবাদ, হিযন্ত বিশ্ব শৰ্মাৰ কাম নাই, যোগানমন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, গো-আইন বাতিল কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অকৰ্মন্য মুখ্যমন্ত্ৰী বুলি তীব্ৰ সমালোচনা কৰে।

চিতু বৰুৱাই কয় “এতিয়া কেৱল গৰু-গাহৰিৰ ইছ্যু লৈ চৰকাৰ ব্যস্ত। মূল্যবৃদ্ধিত কোঙা হোৱা ৰাইজক সকাহ দিয়াৰ সলনি চহা অসমীয়াৰ আয়ৰ পথ গৰুত চৰকাৰে প্ৰতিন্ধকতা আনি ৰাইজক চৰম দুৰ্দশালৈ ঠেলি দিছে”। চৰকাৰে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ নকৰিলে আৰু গো-আইন বাতিল নকৰিলে এক ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বীৰ লাচিত সেনাই।