সোণাৰী : এটাৰ পিছত আনটো নৰবলিৰ ঘটনাই জোকাৰি গৈছে সোণাৰী। কিছুদিন পূৰ্বে সোণাৰীত এটি শিশুক বলি দিয়া ঘটনাৰ চঞ্চল্য মাৰ নাযাওঁতে পুনৰ এগৰাকী কন্যা শিশুক বলি দিয়াৰ জঘন্য ঘটনা সংঘটিত হৈছে সোণাৰীত।

চৰাইদেউ জিলাৰ সোণাৰীৰ টিঙালীবাম চাহ বাগিচাত সংঘটিত হৈছে এক জঘন্য ঘটনা। চাহ বাগিচাখনত অন্ধবিশ্বাসৰ কবলত পৰি একাংশ জঘন্য মানসিকতা লোকে এগৰাকী প্ৰথমশ্ৰেণীৰ ছাত্ৰীক বলি দিয়াৰ ঘটনা সংঘটিত হৈছে।

সোণাৰীৰ টিঙালীবাম চাহ বাগিচাৰ কালীথানৰ সমীপত গছপূজা কৰাৰ নামত একাংশ অন্ধবিশ্বাসৰ কবলত পৰা জঘন্য মানসিকতাৰ লোকে প্ৰথম শ্ৰেণীৰ সাত বছৰীয়া কন্যাক বলি দিয়াৰ পাশৱিক কাণ্ড সংঘটিত কৰিলে। ছত্ৰী গৰাকী সোমবাৰৰ পৰাই সন্ধানহীন হৈ আছিল।

সন্ধানহীন হৈ থকা ছত্ৰী গৰাকীক মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত টিঙালীবাম চাহ বাগিচাৰ কালীথানৰ সমীপত উদ্ধাৰ হয়। মৃতদহেৰ কাষতে চোকা অস্ত্ৰও উদ্ধাৰ হৈছে। ডিঙি কটা অৱস্থাত ছত্ৰী গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি এইয়া নৰবলিৰ ঘটনা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে সোণাৰিৰ চফ্ৰাইত এটি শিশু বলিৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল।