গুৱাহাটী, সংবাদ ৩৬৫, ৩ জুলাই : ৩ জুলাইত সমগ্ৰ বিশ্বতে পালন কৰা হয় পক্ষী দিৱস । পক্ষীৰ আবাসভূমি আৰু বিচৰণভূমি ধ্বংসৰ গৰাহত পৰা বাবে অসমৰ পক্ষীকুল সংকটত পৰিছে । এনে পৰিস্থিতিত অসমৰ চৰাইকুলক ৰক্ষাৰ উদ্দেশ্যেৰে বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয় । পৰিৱেশ সচেতন নহ’লে অসমৰ পৰা সকলো চৰায়ে বিলুপ্ত হ’ব৷ কেৱল পক্ষী দিৱসৰ দিনাহে যে পক্ষীৰ কথা চিন্তা কৰিম তেনে নহয় ।

গুৱাহাটীতো ৰাজ্যিক চিৰিয়াখানাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিয়ে সপ্তদশ পক্ষী দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে বৃক্ষৰোপনৰ লগতে পক্ষীৰ মাজত খাদ্য বিতৰণ কৰে । ইয়াৰ পাছতে পক্ষীৰ ওপৰত এক আলোচনা চক্ৰৰো আয়োজন কৰা হয় । আলোচনা চক্ৰৰ পাছতে হোৱা মুকলি সভাত পক্ষী কল্যান সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে বনমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ।

উক্ত কার্যসূচীতে পক্ষী দিৱসৰ লগত সংগতি ৰাখি ৰঞ্জন মেধিয়ে দীপৰ বিলৰ ছবি প্ৰদৰ্শন কৰে । আনহাতে বিশিষ্ট কণ্ঠশিল্পী যজ্ঞ বেজবৰুৱাক এই কাৰ্যসূচীতে “জীৱনযোৰা সাধনা” বঁটাৰে সন্মানিত কৰা হয় ।