পলাশবাৰী, সংবাদ ৩৬৫, ৩ জুলাই : ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিজে । বিহাৰত জাপানীজ এনকেফেলাইটিজৰ মহামাৰী ৰূপ ধাৰন কৰি মৃত্যুমুখত পৰিছিল প্ৰায় ডেৰ শতাধিক লোক । সম্প্ৰতি অসমতো এনকেফেলাইটিজে ধাৰণ কৰিছে সংহাৰী ৰূপ । উজনিৰ পিছত এইবাৰ আতংকই দেখা দিছে দক্ষিণ কামৰূপত ।

জাপানীজ এনকেফেলাইটিজৰ কৱলত পৰিছে দক্ষিণ কামৰূপৰ পলাশবাৰী বজাৰাপাৰাত । বৰ্তমানলৈ ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ ফলত মৃত্যুমুখত পৰিছে ২৮ জনকৈ লোক আৰু বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ বহুতো জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত লোক । ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তলোকৰ সংখ্যা ।

দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বজাৰাপাৰাতো আক্ৰান্ত হৈছে এগৰাকী লোক । জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ বৰ্তমান আমিনগাওঁস্থিত জি এন আৰ চিত চিকিৎসাধীন হৈ আছে পলাশবাৰীৰৰ বজাৰাপাৰাৰ মিনতি দাস নামৰ এগৰাকী যুৱতী । কেইদিনমানধৰি জ্বৰত আক্ৰান্ত হৈ থাকি হঠাৎ ডিঙিত কিছু বিষ অনুভৱ কৰি মজিয়াতে ঢলি পৰিছিল যুৱতীগৰাকী তাৰপিছতে ততাতৈয়াকৈ পানবজাৰস্থিত এম এম চি এইচত ভৰ্তি কৰাই যদিও অৱস্থা গুৰুত্বৰ বাবে আমিনগাওঁস্থিত জি এন আৰ চি হস্পিটালত ভৰ্তি কৰে তাৰপিছতে যুৱতীগৰাকী জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হোৱা বুলি অৱগত কৰে যাৰবাবে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজ ।

আনহাতে গাওঁখনত পূৰ্বে কেতিয়াও নোহোৱা এই ৰোগবিধৰ বাবে আতংকিত হৈ পৰিছে পলাশবাৰীৰ বজাৰাপাৰাৰ লোকসকল ।