গুৱাহাটী, সংবাদ ৩৬৫, ৩ জুলাই : লাছ ভেগাছৰ নেভেদাস্থিত প্ৰফেচনেল আৰ্ম ৰেষ্টলিং নামৰ আমেৰিকান সংস্থাটোৱে ডিব্ৰুগড়ৰ স্বেচ্ছাসেৱী সংগঠন পূৰ্ণ বিকাশ সংস্থাৰ উদ্যোগত আৰু বাংগালুৰুৰ বুলডগ স্পৰ্টছৰ সহযোগত অহা ২৭ জুলাইত গুৱাহাটীৰ জি এম চি প্ৰেক্ষাগৃহত আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু , কেন্দ্ৰীয় খাদ্য সংসাধন ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে প্ৰতিযোগিতাখনত পূৰণ সহযোগ আগবঢ়াইছে ।

দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাখন মুকলি কৰিব
কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে । প্ৰথম পৰ্যায়ৰ খেল অনুষ্ঠিত হোৱাৰ পাছত জনপ্ৰিয় কণ্ঠশিল্পী জুবীন গাৰ্গে সংগীত পৰিবেশন কৰিব । দ্বিতীয় দিনা প্ৰতিযোগিতাৰ অন্তিম অৰ্থাৎ চূড়ান্ত খেল আৰু বঁটা প্ৰদান কৰা হব ।

ইতিমধ্যে উক্ত প্ৰতিযোগিতাৰ বাবে অনলাইন পঞ্জীয়ন আৰম্ভ হৈছে । ইৰাণ আৰু বাঙ্গালুৰুৰ খেলুৱৈয়ে ইতিমধ্যে নাম পঞ্জীয়ন কৰিছে ।

উল্লেখযোগ্য যে পাঞ্জাক বিশ্বজুৰি জনপ্ৰিয় খেল হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে ২০০১ চনত পি এ এলৰ গঠন হৈছিল । যিসকল পেছাদাৰী খেলুৱৈয়ে পাঞ্জাক কেৰিয়াৰ হিচাপে গঢ় দিব বিচাৰে , তেওঁলোকে এই ৰেংকিংত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে।