জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে বিশ্বনাথ নগৰত বুধবাৰে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। বিশ্বনাথ নগৰৰ আছুৰ কাৰ্যালয়ৰ সমিপত বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন কৰা হয় এই বিক্ষোভ কাৰ্যসূচী।

ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰৰ আৰক্ষীৰ প্ৰহাৰ আৰু আছু কৰ্মীক আৰক্ষীয়ে আটক কৰাৰ ঘটনাৰ বিৰুদ্ধে বিশ্বনাথ মহকুমা আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি ডিব্ৰুগড়ৰ ঘটনাক গৰিহনা দিয়ে। প্ৰতিবাদকাৰী আছু কৰ্মীয়ে কয় যে অসমত ছাত্র সংগঠনৰ জন্ম জয়ন্তীৰ দিনটোতেই ডিব্ৰুগড়ত নিৰীহ আছু কৰ্মীৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী।

ডিব্ৰুগড়ত এখন মহাবিদ্যালয়ৰ নির্বাচন কেন্দ্রিক সংঘাতত সম্পূর্ণ পক্ষপাতমূলক আচৰণ দেখুৱাই ডিব্ৰুগড় আৰক্ষীয়ে আছু কৰ্মীৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলালে তাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ আন আন স্থানৰ লগতে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থায়ো বিশ্বনাথ নগৰৰ ছহীদ ন্যাসত বিশ্বনাথত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে বুলিও কয় প্ৰতিবাদকাৰী আছু কৰ্মীয়ে।

এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে ডিব্ৰুগড়ৰ আছু কৰ্মী সকলক বিনাচৰ্তে মুকলি কৰি দিয়া, আৰক্ষী বিভাগক ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰা আৰক্ষী অধীক্ষক শ্ৰেতাং মিশ্ৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা, আৰক্ষী বাহিনীক ৰাজনৈতিক কাৰণত ব্যৱহাৰ বন্ধ কৰা, ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ব্যবস্থা গ্ৰহণ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী আছু কৰ্মীয়ে। মন্ত্ৰী অতুল বৰা হায় হায়, শ্ৰেতাং মিশ্ৰা হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱা, সম্পাদক নিতু বৰা, বিশ্বনাথ জিলাৰ আছুৰ উপ-সভাপতি আজমত শ্বেখসহ আছুৰ বহু কৰ্মীয়ে। উল্লেখ্য যে ডিব্ৰুগড়ৰ ঘটনাৰ পিছৰে পৰা ৰাজ্যজুৰি আছু কৰ্মীয়ে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। সোমবাৰে এই ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছু কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।