বৰপেটা : অসমৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ঘোষণা কৰা জেহাদৰ পিছতে ড্ৰাগছ সৰবৰাহ কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে। আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰতিদিনে এটাৰ পিছত আনটো বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱাত ড্ৰাগছ সৰবৰাহকাৰী সকলে সলনি কৰিছে ড্ৰাগছ সৰবৰাহৰ কৌশল।

বৰ্তমান সময়ত ৰাজ্যত এঠাইৰ পৰা আন এঠাইলৈ ড্ৰাগছ সৰবৰাহ কৰাটো অতিকৈ কঠিন হৈ পৰিছে। ড্ৰাগছ সৰবৰাহকাৰী।সকলে আৰক্ষীৰ চকুত ধূলি দিবলৈ ন ন কৌশল অৱলম্বন কৰিছে যদিও আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলক সহজে সাফল্য লাভ কৰিব দিয়া নাই।

আৰক্ষীৰ চকুৰ পৰা বাচি যোৱা এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বাবে। সেইয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলে এঠাইৰ পৰা আন এঠাইলৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰিছে পাচলি বেহাৰী, মাছ বেপাৰী আৰু ৰিক্সা চালক সকলক। ইয়াৰে এক উদাহৰণ পোৱা গ’ল বৰপেটা জিলাৰ মাজদিয়াত।

এক গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাজদিয়া চক বজাৰত এক ড্ৰাগছ বিৰোধী অভিযান চলায়। অভিযানকালত আৰক্ষীৰ দলটোৱে এখন ই-ৰিক্সাৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন ছুগাৰ। এখন চাবোনৰ বাকচত ব্ৰাউন ছুগাৰখিনি জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে ড্ৰাগড সৰবৰাহকাৰী ই-ৰিক্সা চালকজনক গ্ৰেপ্তাৰ কৰিছে। ধৃত ই-ৰিক্সা চালক চালকজন চাহিদুল ইছলাম বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ই-ৰিক্সা চালক চাহিদুল ইছলামক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে গুৱাহাটী আৰক্ষীয়ে পাচলি বেপাৰীৰ পৰা ড্ৰাগছ জব্দ কৰিছিল।