জোনমণি বেগম
বিশ্বনাথ : দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা লোক সকলৰ পৰিয়ালক তথা আহত হোৱা লোক সকলক আৰক্ষীয়ে তেওঁলোকৰ ঘৰলে গৈ প্ৰতিবেদন দিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে বিশ্বনাথ আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিলে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তক নতুন বছৰৰ প্ৰথম জানুৱাৰীৰৰ পৰা দুর্ঘটনাত নিহত হোৱা লোক সকলৰ পৰিয়াল তথা আহত হোৱা লোক সকলক ঘৰলৈ গৈ আৰক্ষীৰ প্ৰতিবেদন আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলক প্ৰদান কৰাৰ নিদেৰ্শ দিছিল। কিন্তু আগন্তক নতুন বছৰৰ প্ৰথম জানুৱাৰীলৈ ৰৈ নাথাকিল বিশ্বনাথৰ আৰক্ষী।

মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে দুৰ্ঘটনাত নিহত আৰু আহত লোক সকলক আৰক্ষীয়ে তেওঁলোকৰ ঘৰলৈ গৈ প্ৰতিবেদন দিয়াৰ ঘোষণা কৰাৰ পিছতে বিশ্বনাথ আৰক্ষীয়ে আৰাম্ভ কৰিলে এই প্ৰশংসনীয় পদক্ষেপ৷ যোৱা ২০ ছেপ্তেম্বৰত এক পথ দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা বিশ্বনাথ চাৰিআলিৰ মধুপুৰৰ ২৯ বছৰীয়া মামণ গগৈ নামৰ বিধৱা মহিলা এগৰাকীৰ ঘৰত বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয় উপস্থিত হয়।

আহত মহিলা গৰাকীয়ে যাতে এমএচিটি গোচৰ দিব পাৰে ইয়াৰ বাবে মহিলা গৰাকীৰ শাহুয়েক হাতত আৰক্ষীৰ প্ৰতিবেদন প্ৰদান কৰে উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়ে। দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিয়াল তথা আহত লোকে আৰক্ষীৰ প্ৰতিবেদন বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সংগ্ৰহ কৰোতে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিয়াল তথা আহত লোক সকলে যাতে আৰক্ষীৰ প্ৰতিবেদন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব নালাগে ইয়াৰ বাবেই মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক উক্ত নিৰ্দেশ প্ৰদান কৰিছিল৷ বিশ্বনাথ জিলাত দুর্ঘটনাগ্ৰস্ত লোকৰ উপকাৰ সাধনৰ বাবেই এক জানুৱাৰীলৈ ৰৈ নাথাকি বিশ্বনাথ জিলা আৰক্ষীয়ে হাতত ল’লে এই পদক্ষেপ৷