আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ : শিৱসাগৰত উদ্ধাৰ মৃতদেহ। শিৱসাগৰ নগৰৰ সমীপৰ নামতিয়াল পথাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এনআৰএল পেট্ৰ’ল পাম্পৰ সমীপত উদ্ধাৰ হয় এজন লোকৰ মৃত্যুদেহ। মৃতদেহ উদ্ধাৰ হোৱাকলৈ সমগ্ৰ অঞ্চটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

বুধবাৰে পুৱাৰ ভাগত শিৱসাগৰ নগৰৰ সমীপৰ নামতিয়াল পথাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এনআৰএল পেট্ৰ’ল পাম্পৰ কাষৰ এটি ভঙা জুপুৰী ঘৰত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহ উদ্ধাৰ হোৱা ভঙা জুপুৰীটো সামগ্ৰী কঢ়িওৱা ট্ৰেইলাৰত কৰ্মৰত এজন লোকৰ বুলি জানিব পৰা গৈছে।

মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় নামতিয়াল, খাটপথাৰ গাঁওৰক্ষী বাহিনীৰ লোকে শিৱসাগৰ সদৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে গাঁওৰক্ষী বাহিনীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ কৰে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে মৃতদেহ উদ্ধাৰ হোৱা ভঙা জুপুৰীটো প্ৰফুল্ল বৰুৱা ওৰফে কচু নামৰ ট্ৰেইলাৰত সামগ্ৰী কঢ়িওৱা এজনৰ। আনহাতে মৃত লোকজনৰ আনুমানিক বয়স ৬৫ বছৰ বুলি জানিব পৰা গৈছে। মৃত লোকজনৰ প্ৰকৃত পৰিচয় বৰ্তমানলৈকে লাভ কৰিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।