গুৱাহাটী : গুৱাহাটী ভঙাগড়স্থিত অসম মানৱ অধিকাৰ আয়োগৰ উপঞ্জীয়কৰ এক জাননীৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। নলবাৰী জিলাৰ টিহু আৰক্ষী থানাৰ অন্তৰ্গত নিজ নিমাতিৰ মুকুন্দ ডেকা নামৰ কাৰাবন্দী এজনক নলবাৰী জিলাৰ কাৰাগাৰ কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে ২৪ নৱেম্বৰ তাৰিখে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰাইছিল।

চিকিৎসালয় কৰ্তৃপক্ষই যোৱা ১ ডিচেম্বৰৰ দিনা প্ৰায় চাৰে এঘাৰ বজাত বিচাৰাধীন কাৰাবন্দীজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। মহকুমা দণ্ডাধীশ সুকন্যা বৰাক এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন কৰি ১৫ দিনৰ ভিতৰত চুড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে জিলাৰ অতিৰিক্ত দণ্ডাধীশে। উল্লেখ্য যে কিছুদিন পূৰ্বে নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ঘাটোৱালপাৰাৰ কালিয়া ঘাটোৱাল নামৰ এজন কেন্দ্ৰীয় কাৰাগাৰৰ বিচাৰাধীন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছিল।

কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশে এই নিৰ্দেশ দিছিল। গুৱাহাটী ভঙাগড়স্থিত অসম মানৱ অধিকাৰ আয়োগৰ উপ-পঞ্জীয়কৰ এক জাননীৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশে কাৰাবন্দীজনৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল। কালিয়া ঘাটোৱাল নামৰ কেন্দ্ৰীয় কাৰাগাৰৰ বিচাৰাধীন কাৰাবন্দীজনক উন্নত চিকিৎসাৰ বাবে ২৩ নৱেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সেইদিনাই চিকিৎসালয় কৰ্তৃপক্ষই বিচাৰাধীন কাৰাবন্দীজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল।