জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথৰ জিলা আৰক্ষীৰ সুৰা বিৰোধী অভিযান। অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য। মোনাবাৰী চাহ বাগিচাৰ দুজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সুৰা। আৰক্ষীয়ে প্ৰথমে নাকা তালাচী বহুৱাই এখন মটৰ চাইকেলৰ পৰা জব্দ কৰে সুৰা। 

সোমবাৰে বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, উপ-আৰক্ষী অধীক্ষক জয়ন্ত বৰা, জিনজীয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ লগতে অৰ্ধ সামাৰিক বাহিনীৰ চি ৩০ ৰ বিষয়া লুকু ৰঞ্জন নাথৰ নেতৃত্বত এটা দলে সুৰা বিৰোধী অভিযান চলায়। অভিযানকাৰী দলটোৱে মোনাবাৰী চাহ বাগিচাত অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে দীর্ঘদিন ধৰি বিশ্বনাথ জিলা আৰক্ষীয়ে বিশ্বনাথৰ মোনাবাৰী অঞ্চলৰ কিছু স্থানত অসামজিক কাৰ্যকলাপৰ লগতে সুৰাৰ অবৈধ বেহা চলি থাকৰ খবৰ লাভ কৰি আছিল। এই খবৰৰ ভিত্তিত সন্ধিয়াৰ ভাগত বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলটোৱে মোনাবাৰী অঞ্চলত নাকা তালাচী বহুৱায় অঞ্চটোত চলি থকা সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

নাকা তালাচী বহুৱাই আৰক্ষীয়ে অভিযান চলাই থকা অবস্থাতে এজন মটৰ চাইকেল আৰোহী আহি থকা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে মটৰ চাইকেল আৰোহীজনক ৰখিবলৈ নিৰ্দেশ দিয়ে যদিও মটৰ চাইকেল আৰোহীজন আৰক্ষীৰ দলটোক দেখি পলায়ন কৰিবলৈ চেষ্টা কৰে। অৱশ্যে পিছত আৰক্ষীয়ে মটৰ চাইকেল আৰোহীজনক ধৰিবলৈ সক্ষম হয় আৰু মটৰ চাইকেলখনৰ পৰা সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে মটৰ চাইকেল আৰোহীজনক লগত লৈ অঞ্চলটোত অভিযান চলাই দুখন ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানৰ সময়ছোৱাত দুয়োখন ঘৰৰ গৰাকী ক্ৰমে মুনু বৰ্মা আৰু বিজয় চৱালা পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে স্থানীয় গাঁওবুঢ়া আৰু স্থানীয় ৰাইজৰ সহযোগত সুৰাখিনি জব্দ কৰে।